The Road Not Taken Summary, Explanation, Questions & Answers

🔥 LIVE UPDATE: Updated for 2026 Exams | NCERT-Based Answers

If you are looking for a simple and clear explanation of The Road Not Taken, you are in the right place. In this complete guide, you will get the The Road Not Taken class 9 question answers , summary, central idea, theme, poetic devices, and important of the poem in an easy, student-friendly way.

The Road Not Taken by Robert Frost is one of the most popular poems in English literature. It talks about choices in life and their consequences, which makes it very important for students of Class 9 and above. Many students find this poem confusing, but here you will get a line-by-line explanation in very simple language.

This blog is specially designed for exams, so you will also find NCERT-based questions and answers, detailed explanations, and bilingual support (English + Assamese) to help you understand everything easily.

👉 By the end of this post, you will clearly understand:

  • The Road Not Taken summary
  • Theme and central idea
  • Poetic devices with examples
  • Important exam questions and answers

Let’s begin the complete explanation of The Road Not Taken.

এই কবিতাটোত এজন যাত্ৰী (কবি) বনভূমিৰ মাজত গৈ থকা অৱস্থাত এটা ঠাইত আহি পায়, য’ত পথটো দুটা দিশত ভাগ হৈ যায়। এই অৱস্থাত তেওঁ একে সময়তে দুয়োটা পথ বাচি ল’ব নোৱাৰে। সেয়ে তেওঁ গভীৰভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে। এই অৱস্থাটো আচলতে জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়ক সূচায়, যেতিয়া মানুহে এটা ডাঙৰ সিদ্ধান্ত ল’ব লগা হয়।

প্ৰথমত তেওঁ এটা পথৰ ফালে থিয় হৈ বহু দূৰলৈকে চাবলৈ চেষ্টা কৰে, যাতে তেওঁ বুজিব পাৰে এই পথটো ক’লৈ যাব। কিন্তু পথটো বনজোপাত ঢাকি থাকে আৰু সেয়ে তেওঁ শেষলৈ দেখা নাপায়। এইখিনিতে কবিয়ে দেখুৱাব খোজে যে জীৱনত আমি আগতেৰে সকলো কথা জানিব নোৱাৰো। আমি কেৱল অনুমান কৰিব পাৰো।

তাৰ পিছত তেওঁ আনটো পথ লক্ষ্য কৰে। এই পথটোও আগৰটো পথৰ দৰে সুন্দৰ আৰু ভাল। তেওঁ ভাবিছিল যে এই পথটো হয়তো অলপ কম মানুহে ব্যৱহাৰ কৰিছে, কাৰণ ইয়াত ঘাঁহেৰে ঢাক খাই আছে। কিন্তু তেওঁ লগে লগে বুজি পায় যে দুয়োটা পথ প্ৰায় একেই। দুয়োটাতে মানুহে আগতেই চলি গৈছে। অৰ্থাৎ, এইটো কেৱল তেওঁৰ মনৰ ধাৰণা আছিল।

তাৰ পিছত তেওঁ এটা পথ বাচি লয় আৰু আনটো পথটো পিছলৈ ৰাখে। তেওঁ নিজকে কয় যে তেওঁ পিছত কেতিয়াবা আহি আনটো পথ ল’ব। কিন্তু তেওঁ একে সময়তে এইটোও বুজে যে জীৱনত এবাৰ এটা পথ ল’লে, পিছলৈ ঘূৰি আহি আনটো পথ লোৱাটো প্ৰায় অসম্ভৱ হয়। কিয়নো এটা সিদ্ধান্তে আনটো সিদ্ধান্তৰ পথ বন্ধ কৰি দিয়ে।

শেষ স্তবকত তেওঁ ভবিষ্যতৰ কথা কল্পনা কৰে। তেওঁ কয় যে বহু বছৰ পিছত তেওঁ এই অভিজ্ঞতাৰ কথা মনত পেলাই ক’ব যে তেওঁ কম মানুহে বাচি লোৱা পথটো লৈছিল আৰু এই সিদ্ধান্তই তেওঁৰ জীৱনত ডাঙৰ পাৰ্থক্য আনিছিল। ইয়াত “sigh” শব্দটোৱে দেখুৱায় যে তেওঁৰ মনত হয়তো অলপ অনুশোচনা বা ভাবুকতা আছে, কিয়নো তেওঁ জানে যে আনটো পথ ল’ব পৰা নাছিল।

কবিতাখনৰ কেন্দ্ৰীয় ভাব: (Central Idea)

এই কবিতাটোৰ কেন্দ্ৰীয় ভাব হৈছে জীৱনত সিদ্ধান্ত লোৱাৰ গুৰুত্ব আৰু তাৰ প্ৰভাৱ। মানুহৰ জীৱনত বহু সময়ত এনে অৱস্থা আহে, য’ত তেওঁ দুটা বা তাতকৈ বেছি পথৰ মাজৰ পৰা এটা পথ বাচি ল’ব লাগে। সেই সময়ত তেওঁ সম্পূৰ্ণ নিশ্চিত হৈ সিদ্ধান্ত ল’ব নোৱাৰে, কিয়নো আগতে জানিবলৈ নোৱাৰি যে কোনটো পথ ভাল বা বেয়া।

কবিতাই এইটো বুজায় যে সকলো পথ প্ৰথমতে সমানেই লাগে। কিন্তু আমি যিটো পথ বাচো, সেয়াই আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে। সিদ্ধান্ত লোৱাৰ পিছত পিছলৈ ঘূৰি যোৱাৰ সুযোগ নাথাকে। ভৱিষ্যতত আমি নিজৰ সিদ্ধান্তৰ বিষয়ে ভাবো আৰু তাৰ ফলাফল অনুভৱ কৰো।

পাঠকৰ বাবে শিক্ষানীয় বিষয় (Moral)

এই কবিতাৰ পৰা আমি বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰো। জীৱনত আমি সদায় বহু বিকল্পৰ সন্মুখীন হওঁ। কিন্তু সকলো বিকল্প একে সময়তে ল’ব পৰা নাযায়। সেয়ে আমি চিন্তা-ভাৱনা কৰি এটা সঠিক সিদ্ধান্ত ল’ব লাগে। এই সিদ্ধান্তবোৰেই আমাৰ জীৱনৰ দিশ নিৰ্ধাৰণ কৰে।

এই কবিতাই আমাক শিকায় যে সিদ্ধান্ত লোৱাৰ আগতে আমি পৰিস্থিতি ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগে। যদিও আমি সকলো কথা আগতেৰে জানিব নোৱাৰো, তথাপি সজাগভাৱে সিদ্ধান্ত লোৱা অতি গুৰুত্বপূৰ্ণ।

ইয়াত এইটোও শিকোৱা হৈছে যে এবাৰ এটা পথ বাচি ল’লে পিছলৈ ঘূৰি অহাটো সহজ নহয়। সেয়ে সিদ্ধান্ত লোৱাৰ সময়ত দায়িত্ববোধ থকাটো দৰকাৰ।

আৰু এটা গুৰুত্বপূৰ্ণ শিক্ষা হৈছে যে আমাৰ জীৱনৰ সফলতা বা ব্যৰ্থতা বহু পৰিমাণে আমাৰ নিজা সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে আনৰ অনুকৰণ নকৰি নিজে ভাবি সিদ্ধান্ত ল’ব লাগে।

শেষত ক’ব পাৰি যে এই কবিতাই আমাক আত্মবিশ্বাসী, দায়িত্বশীল আৰু সচেতন ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে।

Thinking about the Poem

The Road Not Taken Class 9 Question Answers

I. 1. Where does the traveller find himself? What problem does he face?
যাত্ৰীজনে নিজকে ক’ত পায়? তেওঁ কি সমস্যাৰ সন্মুখীন হয়?

Answer: The traveller finds himself in a yellow wood where two roads diverge.

He faces the problem of choosing one road because he cannot travel both at the same time. He becomes confused and stands there for a long time thinking about which path to take. This shows that he is facing a difficult decision in life.

যাত্ৰীজনে নিজকে এখন হালধীয়া বনভূমিত গৈ পায়, য’ত দুটা পথ বেলেগ বেলেগ দিশত গৈছে।

তেওঁ এটা সমস্যা সন্মুখীন হয়, কাৰণ তেওঁ একে সময়তে দুয়োটা পথত যাব নোৱাৰে। তেওঁ বিভ্ৰান্ত হয় আৰু বহু সময় থিয় হৈ ভাবি থাকে কোনটো পথ ল’ব। ইয়াৰ মাধ্যমেৰে দেখা যায় যে তেওঁ জীৱনৰ এটা কঠিন সিদ্ধান্ত ল’ব লাগিছে।

 2. Discuss what these phrases mean to you.
তলৰ বাক্যাংশবোৰৰ অৰ্থ আলোচনা কৰা।

(i) a yellow wood — হালধীয়া বন

Answer: “A yellow wood” suggests a forest with yellow leaves, which represents the autumn season. It also symbolizes a stage in life where change is taking place and important decisions must be made.

“a yellow wood” মানে হালধীয়া পাত থকা বন। এইটো শৰৎ ঋতুক বুজায়। লগতে এইটো জীৱনৰ এটা পৰ্যায় বুজায়, য’ত পৰিৱৰ্তন ঘটে আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লাগে।

(ii) it was grassy and wanted wear — ঘাঁহেৰে ঢকা আৰু কম ব্যৱহাৰ হোৱা পথ

Answer: This phrase means that the road was covered with grass and looked less used. It suggests that fewer people had walked on it, so it appeared fresh and less crowded.

এই বাক্যটোৰ অৰ্থ হৈছে পথটো ঘাঁহেৰে ঢকা আছিল আৰু যেনে কম মানুহে ব্যৱহাৰ কৰিছিল। সেয়ে পথটো নতুন আৰু কম চলা যেন দেখা গৈছিল।

(iii) the passing there — মানুহৰ চলাচল

Answer: “The passing there” refers to people walking on that road. It shows how often the road has been used.

“the passing there” মানে মানুহে সেই পথত চলা। ই দেখুৱায় যে পথটো কিমান বেছি ব্যৱহাৰ কৰা হৈছে।

(iv) leaves no step had trodden black — পাতবোৰে খোজত ক’লা হোৱা নাছিল

Answer: This means that the leaves on the road were not crushed or darkened by footsteps. It shows that the road had not been used much.

এই বাক্যটোৰ অৰ্থ হৈছে পথত থকা পাতবোৰ মানুহৰ খোজত ক’লা হোৱা নাছিল। অৰ্থাৎ পথটোত বেছি মানুহে চলা নাছিল।

(v) how way leads on to way — এটা পথ আন এটা পথলৈ যায়

Answer: This phrase means that one road leads to another. It suggests that one decision leads to more decisions, and it becomes difficult to return to the original choice.

“how way leads on to way” মানে এটা পথ আন এটা পথলৈ লৈ যায়। অৰ্থাৎ জীৱনত এটা সিদ্ধান্তে আন এটা সিদ্ধান্তলৈ লৈ যায় আৰু পিছলৈ ঘূৰি অহাটো কঠিন হৈ পৰে।

3. Is there any difference between the two roads as the poet describes them

(i) in stanzas two and three?

(ii) in the last two lines of the poem?
কবিয়ে দ্বিতীয় আৰু তৃতীয় স্তবকত বৰ্ণনা কৰা অনুসাৰে দুটা পথৰ মাজত কোনো পাৰ্থক্য আছে নে? আৰু কবিতাৰ শেষৰ দুটা লাইনত কেনেকৈ বৰ্ণনা কৰিছে?

Answer:  (i) In stanzas two and three, the poet says that both roads were almost the same. One road looked grassy and less used, but actually both roads had been used equally. There was no real difference between them.

(ii) But in the last two lines of the poem, the poet says that he took the road “less travelled by” and that made all the difference. Here, he presents the road as if it were different and special.

(i) দ্বিতীয় আৰু তৃতীয় স্তবকত কবিয়ে কৈছে যে দুয়োটা পথ প্ৰায় একেই আছিল। এটা পথ ঘাঁহেৰে ঢকা আৰু কম ব্যৱহাৰ হোৱা যেন লাগিছিল, কিন্তু আচলতে দুয়োটাই সমানে ব্যৱহাৰ কৰা হৈছিল। সেয়ে বাস্তৱতে কোনো পাৰ্থক্য নাছিল।

(ii) কিন্তু কবিতাৰ শেষৰ দুটা লাইনত কবিয়ে কৈছে যে তেওঁ কম মানুহে চলা পথটো লৈছিল আৰু ইয়ে সকলো পাৰ্থক্য সৃষ্টি কৰিলে। ইয়াত তেওঁ পথটো বিশেষ আৰু বেলেগ বুলি দেখুৱাইছে।

4. What do you think the last two lines of the poem mean? (Looking back, does the poet regret his choice or accept it?)
কবিতাৰ শেষৰ দুটা লাইনৰ অৰ্থ কি বুলি তুমি ভাবা? (পিছলৈ চাই কবিয়ে নিজৰ সিদ্ধান্তৰ বাবে অনুশোচনা কৰে নে গ্ৰহণ কৰে?)

Answer: The last two lines mean that the poet believes his choice has made a great difference in his life. When he looks back, he says this with a “sigh”, which may show mixed feelings. It is not clear whether he regrets his choice or not. He may feel both satisfaction and slight regret because he could not try the other road.

শেষৰ দুটা লাইনৰ অৰ্থ হৈছে কবিয়ে বিশ্বাস কৰে যে তেওঁৰ সিদ্ধান্তই তেওঁৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাইছে। তেওঁ “sigh”ৰ সৈতে এই কথা কৈছে, যিয়ে মিশ্ৰ অনুভূতি দেখুৱায়। তেওঁ অনুশোচনা কৰে নে নকৰে সেয়া স্পষ্ট নহয়। তেওঁ হয়তো সন্তুষ্টিও অনুভৱ কৰে আৰু অলপ অনুশোচনাও কৰে, কিয়নো তেওঁ আনটো পথ চেষ্টা কৰিব পৰা নাছিল।

II. 1. Have you ever had to make a choice like the poet did? Write about it.
তুমি কেতিয়াবা কবিৰ দৰে কোনো বাচনি কৰিব লগা হৈছে নে? সেই বিষয়ে লিখা।

Answer: Yes, I have faced such a situation in my life. Once I had to choose between Science and Arts after my school education. Both options were good, and I was confused about which one to choose. I thought carefully about my interests and abilities. Finally, I chose the stream that suited me best. Like the poet, I knew that I could not go back and choose the other option later. This decision has influenced my life in many ways.

হয়, মইও মোৰ জীৱনত এনে অৱস্থাৰ সন্মুখীন হৈছিলোঁ। বিদ্যালয় শিক্ষা শেষ কৰাৰ পিছত মই Science আৰু Arts ৰ মাজত এটা বাচনি কৰিব লগা হৈছিল। দুয়োটা বিকল্পেই ভাল আছিল আৰু মই বিভ্ৰান্ত হৈছিলোঁ কোনটো লওঁ। মই মোৰ আগ্ৰহ আৰু ক্ষমতাৰ বিষয়ে ভালদৰে ভাবিলোঁ। শেষত মই মোৰ বাবে উপযুক্ত পথটো বাচি ল’লোঁ। কবিৰ দৰে মই জানিছিলোঁ যে পিছলৈ ঘূৰি আনটো পথ বাচিব নোৱাৰিম। এই সিদ্ধান্তই মোৰ জীৱনত বহু প্ৰভাৱ পেলাইছে।

“The Road Not Taken” — Poetic Devices Used in The Poem

1. Metaphor (ৰূপক)
Metaphor মানে হৈছে—দুটা বস্তু একে বুলি ধৰা, যদিও সেইবোৰ আচলতে বেলেগ। ইয়াত “like” বা “as” ব্যৱহাৰ কৰা নহয়। সহজকৈ ক’বলে—এটা বস্তুৰে আন এটা বস্তুৰ অৰ্থ বুজোৱা।
Line:
“Two roads diverged in a yellow wood”
Step-by-step Explanation:
ইয়াত “two roads” মানে কেৱল পথ নহয়। এইটো আচলতে জীৱনৰ দুটা বাচনি বা decision.
ধৰি লোৱা—তুমি science ল’বা নে arts ল’বা, এইটোও “two roads”. কবিয়ে জীৱনক পথ বুলি ধৰিছে।
সহজকৈ বুজা:
পথ = জীৱনৰ বাচনি

2. Symbolism (প্ৰতীক)
Symbolism মানে—এটা বস্তুৰ মাধ্যমেৰে আন এটা গভীৰ অৰ্থ বুজোৱা।
Line:
“yellow wood”
Step-by-step Explanation:
“wood” মানে বন।
“yellow” মানে পাতবোৰ হালধীয়া হৈছে।
এইটো দেখুৱায় যে —সময় পাৰ হৈছে, পৰিৱৰ্তন হৈছে।
সহজকৈ বুজা:
yellow wood = জীৱনৰ এটা stage (সময়)

3. Imagery (চিত্ৰকল্প)
Imagery মানে—এনে বৰ্ণনা কৰা যাতে তুমি মনত ছবি আঁকিব পাৰা।
“And looked down one as far as I could
To where it bent in the undergrowth”
Step-by-step Explanation:
এজন মানুহে পথৰ ফালে চাই আছে। পথটো আগলৈ গৈ বনজোপাত ঘূৰি গৈছে। তুমি যদি এই দৃশ্যটো মনত চিন্তা কৰা তেনেহ’লে মনত এটা ছবিৰ উদয় হ’ব।
সহজকৈ বুজা:
যিবোৰ কথাত ছবিৰ সৃষ্টি হয় = Imagery

4. Alliteration (একে ধ্বনিৰ পুনৰাবৃত্তি)
Alliteration মানে—একে ধ্বনি বা বৰ্ণ পুনৰ পুনৰ ব্যৱহাৰ কৰা।
“wanted wear”
wanted → w
wear → w
একে ধ্বনি দুবাৰ আহিছে
সহজকৈ বুজা:
একেই sound বা বৰ্ণ = Alliteration

5. Personification (জীৱন্ত ৰূপ দিয়া)
Personification মানে—জীৱ নোহোৱা বস্তুক মানুহৰ দৰে আচৰণ কৰা বুলি দেখুৱা।
“Because it was grassy and wanted wear”
Step-by-step Explanation:
পথটো “wanted wear” কৰিছে। মানে পথটো যেন ব্যৱহাৰ কৰা হ’ব বিচাৰে কিন্তু পথৰ কোনো ইচ্ছা নাথাকে। সেয়ে ইয়াত Personification ব্যৱহাৰ কৰা হৈছে বুলি কোৱা হয়।
সহজকৈ বুজা:
জীৱ নোহোৱা বস্তু = মানুহৰ দৰে আচৰণ → Personification

6. Repetition (পুনৰাবৃত্তি)
Repetition মানে —একে শব্দ বা লাইন পুনৰ ব্যৱহাৰ কৰা।
“Two roads diverged in a wood” (কবিতাখনত দুবাৰ আহিছে)
Step-by-step Explanation:
মূল ভাবটো জোৰ দিবলৈ কবিয়ে এই লাইনটো পুনৰ লিখিছে।
সহজকৈ বুজা:
একেই কথা পুনৰ কোৱা = Repetition

7. Irony (বৈপৰীত্য)
Irony মানে —যি কোৱা হয় আৰু যি আচলতে ঘটে, সেইটো অলপ বেলেগ।
“I took the one less traveled by”
Step-by-step Explanation:
কবিয়ে কয়—তেওঁ কম মানুহে চলা পথটো লৈছে। কিন্তু আগতে কৈছিল—দুয়োটা পথ একেই আছিল।
সহজকৈ বুজা:
কোৱা কথা ≠ সত্য → Irony

8. Rhyme Scheme (অন্ত্যমিল)
Rhyme scheme মানে—লাইনবোৰৰ শেষত শব্দৰ ছন্দৰ মিল।
wood – stood – could, undergrowth – both
Step-by-step Explanation:
wood / stood / could → শেষত ছন্দৰ মিল আছে।
undergrowth / both → শেষত ছন্দৰ মিল আছে।
সহজকৈ বুজা:
শেষৰ শব্দ ছন্দৰ মিল = Rhyme

9. Enjambment
Enjambment মানে —এটা বাক্য এটা লাইনৰ পৰা আনটো লাইনলৈ আগবাঢ়ে।
Line:
“And sorry I could not travel both
And be one traveler, long I stood”
Step-by-step Explanation:
বাক্যটো প্ৰথম লাইনতে শেষ হোৱা নাই। দ্বিতীয় লাইনলৈ গৈছে
সহজকৈ বুজা:
লাইন শেষ নহয়, আগবাঢ়ে → Enjambment

Short Extra Questions & Answers

1. Who is the poet of “The Road Not Taken”?
“The Road Not Taken” কবিতাৰ কবি কোন?
Answer: The poet is Robert Frost. এই কবিতাৰ কবি হৈছে ৰবাৰ্ট ফ্ৰষ্ট।

2. Where does the traveller stand? যাত্ৰীজনে ক’ত থিয় হৈ আছিল?
Answer: The traveller stands in a yellow wood.nযাত্ৰীজনে এখন হালধীয়া বনভূমিত থিয় হৈ আছিল।

3. Why does the traveller feel sorry?mযাত্ৰীজনে কিয় দুখ অনুভৱ কৰে?
Answer: He feels sorry because he cannot travel both roads. তেওঁ দুখ অনুভৱ কৰে কাৰণ তেওঁ দুয়োটা পথত যাব নোৱাৰে।

4. Which road does the traveller choose?mযাত্ৰীজনে কোনটো পথ বাচি লয়?
Answer: He chooses the road that seems less travelled.mতেওঁ কম মানুহে চলা যেন দেখা পথটো বাচি লয়।

5. What does “two roads” symbolize? “two roads” কি সূচায়?
Answer: It symbolizes choices in life. ই জীৱনৰ বাচনিসমূহক সূচায়।

6. What does the poet mean by “sigh”?mকবিয়ে “sigh” বুলি কি বুজাইছে?
Answer: It shows mixed feelings like regret and thoughtfulness. ই অনুশোচনা আৰু গভীৰ চিন্তাৰ দৰে মিশ্ৰ অনুভূতি দেখুৱায়।

7. What is the main message of the poem? কবিতাটোৰ মূল বাৰ্তা কি?
Answer: The poem teaches the importance of making choices in life. এই কবিতাই জীৱনত বাচনি কৰাৰ গুৰুত্ব শিকায়।


8. What is the poem “The Road Not Taken” about? “The Road Not Taken” কবিতাটো কিহৰ বিষয়ে?
Answer : The poem is about making choices and how those choices shape our lives.
এই কবিতাটো বাচনি কৰা আৰু সেই বাচনিয়ে আমাৰ জীৱন কেনেকৈ গঢ়ি তোলে তাৰ বিষয়ে।

9. Who is Robert Frost? ৰবাৰ্ট ফ্ৰষ্ট কোন?
Answer: Robert Frost is an American poet.নৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকান কবি।

10. How does Robert Frost write? ৰবাৰ্ট ফ্ৰষ্টে কেনেকৈ লিখে?
Answer: He writes simply but insightfully. তেওঁ সৰলভাৱে কিন্তু গভীৰ ভাবধাৰাৰে লিখে।

11. What kind of experiences does the poet write about? কবিয়ে কেনেধৰণৰ অভিজ্ঞতাৰ বিষয়ে লিখে?
Answer: He writes about common and ordinary experiences. তেওঁ সাধাৰণ আৰু দৈনন্দিন অভিজ্ঞতাৰ বিষয়ে লিখে।

Leave a Comment