SCERT D.El.Ed 2nd Semester Paper S2.1 – Important Question Answer in Assamese

Introduction (ভূমিকা)

শিক্ষা প্ৰক্ৰিয়াৰ উন্নতিৰ ক্ষেত্ৰত D.El.Ed (Diploma in Elementary Education) ক্ৰমে এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 2nd Semester বিশেষকৈ Paper S2.1 অতি জটিল আৰু অধ্যয়নৰ বাবে সঠিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। সেই কাৰণে ইয়াত SCERT D.El.Ed 2nd Semester Paper S2.1–ৰ সকলো প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰসমূহ সহজ আৰু সৰল ভাষাত দিয়া হৈছে। এইবোৰ অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে শিক্ষাৰ প্ৰকৃত অৰ্থকো বুজিব পাৰিব।

Some Important Questions 2025

1. ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল?

উত্তৰ: নৰহৰি বুঢ়া ভকতে ভোৰতাল নৃত্য সৃষ্টি কৰিছিল।

2. আধুনিকীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ হৈছে আধুনিকীকৰণৰ এটা মুখ্য বৈশিষ্ট্য।

3. যিখন চুক্তিৰ দ্বাৰা ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ দখল কৰিছিল, সেই চুক্তিখনৰ নাম লিখা।

উত্তৰ: এই চুক্তিখনৰ নাম ইয়াণ্ডাবু চুক্তি।

4. স্বাধীনতাৰ পূৰ্বে প্ৰথম ভাৰতীয় শিক্ষা আয়োগৰ নামটো উল্লেখ কৰা।

উত্তৰ: স্বাধীনতাৰ পূৰ্বে প্ৰথম ভাৰতীয় শিক্ষা আয়োগ আছিল ‘The Hunter Commission’ (হাণ্টাৰ আয়োগ)।

5. প্রাচীন কালত ভাৰতবৰ্ষত গুৰুকুলত প্ৰয়োগ কৰা এটা শিক্ষণ পদ্ধতিৰ নাম উল্লেখ কৰা।

উত্তৰ: প্ৰাচীন কালত ভাৰতবৰ্ষত গুৰুকুলত প্ৰয়োগ কৰা শিক্ষণ পদ্ধতিৰ নাম হৈছে “শ্ৰৱণ, মনন আৰু চিত্তন”। এই পদ্ধতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীগৰাকীয়ে শ্ৰৱণ (শুনা), মনন (বিচাৰ কৰা) আৰু চিত্তন (ধ্যান দিয়া) কৰি শিক্ষা অৰ্জন কৰিছিল।

6. RMSA ৰ এটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ: RMSA-ৰ এটা উদ্দেশ্য হ’ল মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নয়ন কৰা।

7. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধন প্রক্রিয়াসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? উল্লেখ কৰা।

উত্তৰ: ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত সংবিধান সংশোধন প্রক্রিয়াসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

8. অসমৰ অৰ্থনীতিৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: অসমৰ অৰ্থনীতি মূলত কৃষিনিৰ্ভৰ আৰু গাঁওকেন্দ্ৰিক।

9. প্রাক্-বৈষ্ণৱ যুগৰ এজন কবিৰ নাম লিখা।

উত্তৰ: প্রাক্-বৈষ্ণৱ যুগৰ এজন কবিৰ নাম হ’ল- মাধৱ কন্দলি।

10. অসম চাহ কোম্পানী কোন চনত স্থাপন হৈছিল?

উত্তৰ: অসম চাহ কোম্পানী 1839 চনত স্থাপিত হৈছিল।

11. দৰিদ্রতা মানে কি?

উত্তৰ: দৰিদ্রতা বুলিলে মানুহে নিজৰ নূন্যতম প্রয়োজনীয়তাসমূহ পূৰণ কৰাত হোৱা ব্যর্থতাকে বুজোৱা হয়।

12. ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া।

উত্তৰ: ৰাষ্ট্ৰ হৈছে এটা নিৰ্দিষ্ট ভূখণ্ড, জনসংখ্যা, স্বাধীন চৰকাৰ আৰু আইন-নিয়ম থকা সামাজিক আৰু ৰাজনৈতিক সংগঠন। 13. অসমৰ এখন তৈলক্ষেত্ৰৰ নাম উল্লেখ কৰা।

উত্তৰ:  অসমৰ এখন তৈলক্ষেত্ৰৰ নাম হ’ল- ডিগবৈ তেল শোধানাগাৰ।

14. ‘লিবাৰ’ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘লিবাৰ’ শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে।

15. অসমৰ অর্থনীতিৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ: অসমৰ অৰ্থনীতিৰ এটা বৈশিষ্ট্য হ’ল- নিম্ন জনমূৰি আয়।

16. ‘অসমীয়া ল’ৰাৰ মিত্র’ গ্রন্থখনৰ ৰচক কোন?

উত্তৰ: ‘অসমীয়া ল’ৰাৰ মিত্র’ গ্রন্থখনৰ ৰচক হ’ল- আনন্দৰাম ঢেকীয়াল ফুকন।

17. খেৰাই নৃত্য অসমৰ কোনটো জনগোষ্ঠীৰ লোক নৃত্য?

উত্তৰ: খেৰাই নৃত্য অসমৰ বড়ো জনগোষ্ঠীৰ লোক নৃত্য।

18. সামাজিক পৰিৱৰ্তন মানে কি বুজা?

উত্তৰ: সামাজিক পৰিৱর্তন হৈছে সমাজত প্রচলিত নীতি-নিয়ম, আইন-কানুন, ৰীতি-নীতি, পৰম্পৰা আদি সময়ৰ লগত বা পৰিবৰ্তনশীল পৰিস্থিতিৰ লগত খাপখোৱাকৈ হোৱা পৰিৱর্তনকে বুজায়।

19. আধুনিকীকৰণৰ এটা প্রকৃতি উল্লেখ কৰা।

উত্তৰ: আধুনিকীকৰণৰ এটা প্রকৃতি হ’ল ই এক উদ্যোগীকৰণ ব্যৱস্থা।

20. কিমান চনত শিক্ষাক সমবর্তী সূচীৰ অন্তৰ্ভূক্ত কৰা হয়?

উত্তৰ: ১৯৭৬ চনত শিক্ষাক সমৱর্তী সূচীৰ অন্তর্ভুক্ত কৰা হয়।

21. মৌখিক সাহিত্য কি?

উত্তৰ: সাহিত্যৰ এটা প্ৰকাৰ হ’ল মৌখিক সাহিত্য। মৌখিক সাহিত্য হ’ল মানুহৰ মুখে মুখে প্রচলিত সাহিত্য। যেনে- বিয়ানাম।

22. ‘লিবাৰ’ শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে?

উত্তৰ: লিবাৰ শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে।

23. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংখ্যালঘু শিক্ষাৰ বিষয়ে উল্লেখ কৰা?

উত্তৰ: ভাৰতীয় সংবিধানৰ ৩০ (i) নং অনুচ্ছেদত সংখ্যালঘু শিক্ষাৰ বিষয়ে উল্লেখ আছে।

24. ইয়াণ্ডবু সন্ধিৰ পিছত নামনি অসমৰ দায়িত্বত থকা ব্রিটিছ বিষয়াজনৰ নাম লিখা।

উত্তৰ:  ইয়াণ্ডাবু সন্ধিৰ পিছত নামনি অসমৰ দায়িত্বত থকা

ব্রিটিছ বিষয়াজনৰ নাম হ’ল ডেভিদ স্কট।

25. অসমৰ প্ৰাক আহোম যুগৰ স্থাপত্যৰ এটা নিদর্শন উল্লেখ কৰা।

উত্তৰ: অসমৰ প্ৰাক আহোম যুগৰ স্থাপত্যৰ এটা নিদর্শন হ’ল-গুহা।

26. কল্কিপুৰাণ পুথিখন কোনজন আহোম স্বৰ্গদেউৰ দিনত চিত্ৰৰূপ প্রদান কৰা হৈছিল?

উত্তৰ: কল্কিপুৰাণ পুথিখন আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত চিত্ৰৰূপ প্ৰদান কৰা হৈছিল।

27. অসমৰ কৃষিভিত্তিক অর্থনীতিৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰ: অসমৰ কৃষিভিত্তিক অর্থনীতিৰ এটা বৈশিষ্ট্য হ’ল আওপুৰণি কৃষিপদ্ধতিৰে কৰা কৃষি।

28. ভাৰতীয় সমাজত থকা অসমতাৰ এটা মূল কাৰণ লিখা। উত্তৰ: ভাৰতীয় সমাজত থকা অসমতাৰ এটা মূল কাৰণ হ’ল ভাৰতীয় সমাজত চলি অহা শ্রেণী বিভাজনে  অসমতাৰ সৃষ্টি কৰে।

29. অসমৰ এবিধ লুপ্তপ্রায় প্রজাতিৰ চৰাইৰ নাম লিখা।

উত্তৰ: অসমৰ এবিধ লুপ্তপ্ৰায় প্ৰজাতিৰ চৰাইৰ নাম হ’ল- শগুণ।

30. LPG ৰ সম্পূর্ণ ৰূপটো লিখা।

উত্তৰ: LPG ৰ সম্পূৰ্ণ ৰূপটো হ’ল- Liberalization, Privatization and Globalization.

Conclusion (সামৰণি)

SCERT D.El.Ed 2nd Semester Paper S2.1–ৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পথ প্ৰদৰ্শকৰ দৰে। পৰীক্ষাৰ সময়ত মূল বিষয়বোৰ চিনাক্ত কৰি সঠিক দিশত অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই প্ৰবন্ধই আপোনাক সেই প্ৰস্তুতিত সহায় কৰিব বুলি আশা কৰোঁ। চেষ্টা আৰু সঠিক অধ্যয়নই D.El.Ed–ৰ সাফল্যৰ মূল চাবিকাঠি।

Download PDF

FAQ Section (Frequently Asked Questions)

প্ৰশ্ন ১: SCERT D.El.Ed 2nd Semester Paper S2.1–ত কি ধৰণৰ প্ৰশ্ন আহে?

উত্তৰ: এই বিষয়টোত সাধাৰণতে শিক্ষা-দৰ্শন, শিক্ষাৰ অৰ্থ, সামাজিক পৰিবৰ্তন, সমাজ আৰু শিক্ষাৰ সম্পৰ্ক, আৰু শিক্ষাৰ প্ৰক্ৰিয়া সম্পৰ্কীয় প্ৰশ্নসমূহ আহে। অধিকাংশ প্ৰশ্ন বৰ্ণনামূলক আৰু ব্যাখ্যামূলক ধৰণৰ হয়।

প্ৰশ্ন ২: Paper S2.1–ৰ প্ৰশ্ন-উত্তৰ অসমীয়াত অধ্যয়ন কৰাৰ লাভ কি?

উত্তৰ: অসমীয়াত প্ৰশ্ন-উত্তৰ অধ্যয়ন কৰিলে বিষয়বস্তু সহজে বুজিব পাৰি। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত দ্ৰুত মনে ৰাখিব পাৰে আৰু সঠিক উত্তৰ দিব পাৰে।

প্ৰশ্ন ৩: D.El.Ed Paper S2.1–ৰ প্ৰস্তুতি কেনেদৰে কৰিব লাগে?

উত্তৰ: প্ৰথমতে প্ৰশ্নপত্ৰৰ ধৰণ বুজি ল’ব লাগিব। তাৰ পিছত PYQ আৰু এই ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ Practice কৰিব লাগে। দৈনিক অধ্যয়ন, সৰল নোট আৰু পুনৰাৱৃত্তি এইবোৰে সফলতা নিশ্চিত কৰে।

Leave a Comment