Class 8, Lesson 9|A Book is Like|Q&A|Extra Q&A|Summary|Rhyming Words|Assam Jatiya Bidyalaya

A Book is Like (Poem)

কিতাপ জীৱনৰ বন্ধুৰ দৰেই। “A Book is Like” কবিতাখনে আমাৰ মনৰ দুৱাৰ খুলি নতুন চিন্তা আৰু আশা দেখুৱায়। ইয়াত তোমালোকে সহজ ভাষাত Q&A, অতিৰিক্ত প্ৰশ্নোত্তৰ আৰু ৰাইমিং শব্দ পাবা-দ্ৰুত Revision আৰু পৰীক্ষাৰ বাবে একেবাৰে উপযোগী।

কবিতা “A Book is Like” ৰ সাৰাংশ (Assamese Summary)

এই কবিতা “A Book is Like” ত কবিয়ে কিতাপক বিভিন্ন বস্তুৰ সৈতে তুলনা কৰিছে। কবিয়ে কৈছে কিতাপ খুলি থকা খিৰিকীৰ দৰে, য’ত সদায় নতুন নতুন চিন্তা-ভাৱনা অহা-যোৱা কৰি থাকে। তেনেকৈ কিতাপ এটা তলা আৰু চাবিৰ দৰে, যিয়ে আমাৰ মনৰ দুৱাৰ খুলি নতুন জ্ঞানৰ দুৱাৰ মুকলি কৰি দিয়ে।

কবিয়ে কিতাপক এপলৰ মাজৰ অংশৰ সৈতে তুলনা কৰিছে কাৰণ এপলৰ মাজত বীজ থাকে আৰু সেই বীজে নতুন গছ জন্মায়। ঠিক তেনেকুৱাই কিতাপৰ ভিতৰত থকা শিক্ষাৰ “বীজে” আমাৰ মনত নতুন জ্ঞান আৰু নতুন চিন্তা জন্মায়।

কিতাপ এটা পুৰণি ঘড়ীৰ দৰে কাৰণ ই সময়ৰ কথা কয়, ইতিহাস, ঘটনা আৰু অভিজ্ঞতা আমাক জনায়, কিন্তু ই কোনো শব্দ নকৰে।

কিতাপ এজন সঁচা বন্ধুৰ দৰে, যি আমাক আনন্দ, জ্ঞান আৰু সান্ত্বনা দিয়ে। কেতিয়াবা কিতাপ এখন খোলা চিঠিৰ দৰে, যি আমি পুনৰ পঢ়িলে নতুনকৈ বন্ধুত্বৰ অনুভৱ জাগ্ৰত কৰে।

সাৰাংশত কবিয়ে কব’লৈ চেষ্টা কৰিছে যে কিতাপ আমাৰ জীৱনৰ এটা অতি মূল্যবান সংগী। ই আমাক সদায় পথ দেখুৱায়, নতুন জগতলৈ লৈ যায় আৰু আমাৰ মনক সজীৱ কৰি ৰাখে।

“Need more Class 8 English answers? Explore our complete lesson

A precious Gift

Embracing Differences

Life (Poem)

Lesson 9 – A Book is Like

Comprehension

1. Answer the following questions in complete sentences.

(a) Why is a book like a windowsill? (কিতাপ এখন খিৰিকীৰ দৰে কিয়?)

Ans. A book is like a windowsill because it is a place where breezy thoughts are never still. A book keeps our ideas moving and makes our mind fresh, just like a windowsill where gentle winds and new thoughts come and go. (কিতাপ এটা খিৰিকীৰ দৰে, য’ত সদায় নতুন চিন্তা আৰু সজীৱ ভাৱনা আহি-যায়। খিৰিকীৰ যিদৰে বতাহৰ জোকাৰি আহি মন সতেজ কৰি তোলে, তেনেকৈ কিতাপে আমাৰ মনত নতুন চিন্তা আৰু সজীৱতা আনে।

(b) Why is a book like a lock and key? (কিতাপ এখন তলা আৰু চাবিৰ দৰে কিয়?)

Ans. A book is like a lock and key because it opens doors to new knowledge and ideas. When we read, the book unlocks our mind and sets our thoughts free. (কিতাপ এখন তলা আৰু চাবিৰ দৰে কাৰণ ইয়াৰ ভিতৰত জ্ঞানৰ নতুন দুৱাৰ খোলাৰ শক্তি আছে। আমি যেতিয়া কিতাপ পঢ়ো, তেতিয়া কিতাপে আমাৰ মনৰ দুৱাৰ খুলি দিয়ে আৰু নতুন চিন্তা-ভাৱনা স্বাধীন কৰে।)

(c) Why has the poet compared a book to an apple core? (কবিয়ে কিতাপক এপলৰ মাজৰ অংশ ৰ(core) লগত কিয় তুলনা কৰিছে?)

Ans. The poet compared a book to an apple core because a book has ‘seeds’ of ideas and lessons inside. These seeds can grow into more knowledge and new thoughts, just like seeds grow into new plants. (কবিয়ে কিতাপক এপলৰ মাজৰ অংশৰ সৈতে তুলনা কৰিছে কাৰণ কিতাপৰ ভিতৰত শিক্ষাৰ আৰু জ্ঞানৰ বীজ থাকে। এই বীজে আমি পঢ়িলে নতুন জ্ঞান আৰু নতুন চিন্তা জন্মায়, যেনেকৈ এপলৰ বীজে নতুন গছ জন্মায়।)

(d) Why has a book been compared to an ancient clock? (কিতাপক এটা পুৰণি ঘড়ীৰ সৈতে কিয় তুলনা কৰা হৈছে?)

Ans. A book is compared to an ancient clock because it ‘speaks the times’, it tells us about different ages, events, or feelings; but it does this silently. A book teaches and shows us things without actually talking. (কিতাপক এটা পুৰণি ঘড়ীৰ সৈতে তুলনা কৰা হৈছে কাৰণ ঘড়ীহে সময়ৰ কথা ক’য় কিন্তু ই কেতিয়াও মাত নামাতে। তেনেকৈ কিতাপে বিভিন্ন যুগ, ইতিহাস আৰু অনুভৱ আমাক জনায়, কিন্তু ই শব্দ নকৰে, নিশব্দ হৈ আমাক শিক্ষা দিয়ে।)

2. Give brief answer to the following questions.

(a) What is the poet’s opinion of a book? (কবীৰ মতে কিতাপৰ মূল্য কেনেকুৱা/কি?)

Ans. The poet’s opinion is that a book is very precious and wonderful. A book is like many good things (a flower, a friend, a key, a clock) and it brings joy, knowledge, imagination, and comfort. (কবীৰ মতে কিতাপ অত্যন্ত মূল্যবান আৰু আশ্চৰ্যজনক। কিতাপ ফুলৰ দৰে সুন্দৰ, বন্ধুৰ দৰে সঁচা, চাবিৰ দৰে জ্ঞানৰ দুৱাৰ খোলা আৰু ঘড়ীৰ দৰে সময়ৰ কথা কোৱা। কিতাপে আমাক আনন্দ, জ্ঞান, কল্পনা আৰু সান্ত্বনা দিয়ে।)

(b) How is a book like an open letter? (কিতাপ এখন কেনেকৈ খোলা চিঠিৰ দৰে হয়?)

Ans. A book is like an open letter because when it is read again, it renews and strengthens feelings of friendship. A book can share feelings and memories like a letter that can be read again and again. (কিতাপ এখন খোলা চিঠিৰ দৰে। কিতাপক পুনৰ পঢ়িলে বন্ধুত্ব আৰু অনুভৱ বঢ়াই তোলে। যেনেকৈ চিঠি পুনৰ পঢ়িলে আগৰ অনুভৱ আৰু স্মৃতি মনত জাগে, তেনেকৈ কিতাপেও সদায় বন্ধুত্ব আৰু অনুভৱক দৃঢ় কৰি তোলে।)

3. Find the words from the poem that rhyme with the following:

Wings – kings

Windowsill – still

Glass – pass

Key – free

Letter – better

Core – more

Friend – end

Additional Question

1. What is the name of the poet of the poem “A Book is Like”?

Answer: The name of the poet of the poem “A Book is Like” is Kathy Leeuwenburg.

Conclusion

“A Book is Like” কবিতাই কিতাপক এক সংগী , শিক্ষক আৰু অনুপ্রেৰণা হিচাপে চাবলৈ শিকায়। ইয়াত দিয়া Q&A, অতিৰিক্ত প্ৰশ্নোত্তৰ আৰু ৰাইমিং শব্দেবোৰে তোমালোকৰ Revision সহজ কৰি উত্তৰ লিখনত অধিক শক্তিশালী কৰিব তুলিব।

Does God Exist in the Universe

Leave a Comment