“Amplification” অৰ্থাৎ বৰ্ণনা-প্ৰসাৰণ হ’ল এটা লিখনি কৌশল, যাৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰবাদ-বাক্যক সহজভাৱে ব্যাখ্যা কৰিব পাৰে। ইয়াত আমি নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ গুৰুত্বপূর্ণ “Amplification” বোৰ আলোচনা কৰিম। ইয়াৰ ভিতৰত আছে— “A Rolling Stone Gathers No Moss”, “Rome Was Not Built in a Day”, “Morning Shows the Day”, “Necessity is the Mother of Invention” আৰু “Honesty is the Best Policy”। প্রতিটো Amplification সহজ ইংৰাজী আৰু অসমীয়া ভাষাত লিখা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে নিজকে পৰীক্ষাৰ বাবে অতি সহজে প্রস্তুত কৰি ল’ব পাৰে।
Amplification
1. A Rolling Stone Gathers No Moss ( লৰি ফুৰা কেঁকোৰাৰ তেল নাই )
The proverb “A rolling stone gathers no moss” means that a person who always keeps changing work, place, or aim cannot make steady progress in life. To be successful, one must have patience, determination, and focus on one goal. If someone starts a work but leaves it soon and moves to another, he will not achieve success anywhere.
This proverb teaches us a valuable lesson in life. Concentration, hard work, and determination bring wealth, respect, and honor. A person who sticks to his goal steadily will move forward step by step. But a person who keeps changing work or plans all the time will fail to achieve true success in life.
Truly, this proverb reminds us that patience and steadiness are the keys to success in life.
অসমীয়া অনুবাদ
“লৰি ফুৰা কেঁকোৰাৰ তেল নাই”
“লৰি ফুৰা কেঁকোৰাৰ তেল নাই” এই প্রবাদৰ অৰ্থ হৈছে, যিবোৰ মানুহ সদায় কাম, ঠাই, বা উদ্দেশ্য সলনি কৰি থাকে, সেই মানুহসকল কেতিয়াও স্থিৰভাৱে অগ্ৰগতি কৰিব নোৱাৰে। জীৱনত সফল হ’বলৈ এটা কামত একাগ্ৰতা আৰু ধৈৰ্য্যৰ অতি আৱশ্যক। যদি কোনোবাই এটা কাম আৰম্ভ কৰি অলপ সময়ৰ ভিতৰতে আনটো কামলৈ অগ্ৰসৰ হয়, তেতিয়া তেওঁ কোনো কামতেই সফলতা লাভ কৰিব নোৱাৰে।
এই প্ৰবাদে আমাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। একাগ্ৰতা, ধৈৰ্য্য আৰু চেষ্টা মানুহক ধন, খ্যাতি আৰু সন্মান দান কৰে। যিবোৰ মানুহে নিজৰ লক্ষ্যত স্থিৰ থাকে, সেই সকল মানুহে অগ্ৰগতিৰ পথত লাহে লাহে আগুৱাই যায়। কিন্তু যিবোৰ মানুহ সদায় কাম, ঠাই বা পৰিকল্পনা সলনি কৰি থাকে, সেইবোৰ মানুহ জীৱনত কেতিয়াও প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে।
সঁচাকৈয়ে, এই প্ৰবাদে আমাক শিক্ষা দিয়ে যে একাগ্ৰতা আৰু স্থিৰতাই হ’ল জীৱন সফল কৰাৰ মূল চাবিকাটি।
2. Rome was not built in a Day (ভুকুতে কল নপকে)
“Rome was not built in a day” is a well-known proverb which means that great things cannot be achieved in a single day. They require time, patience, and hard work. Rome, the capital of the Roman Empire, became famous for its power and glory. But this greatness did not come overnight. Behind it were years of planning, labor, and sacrifice.
In the same way, success in life also needs steady effort. A student cannot achieve success by studying in a single day. An artist cannot master his art in a moment. Just as a seed takes time to grow into a big tree, human progress is also not possible without patience and dedication. Quick results may look attractive, but they do not last long.
Therefore, this proverb teaches us the value of patience and determination. If we truly want to achieve something great, we must keep trying without losing hope. Step by step, effort by effort, we can build the path to success. Just as Rome became famous with time, we too can achieve success in life through determination and hard work.
অসমীয়া অনুবাদ
ভুকুতে কল নপকে
“ভুকুতে কল নপকে” বুলি কোৱা প্ৰবাদৰ অৰ্থ হ’ল যে মহৎ কামবোৰ এটাদিনত সম্পূৰ্ণ কৰিব পৰা নাযায়। সেইবোৰৰ বাবে সময়, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়। ৰোমান সাম্ৰাজ্যৰ ৰাজধানী আছিলৰোম ।ই শক্তি আৰু গৌৰৱৰ বাবে বিখ্যাত হৈছিল। কিন্তু এই শক্তি আৰু গৌৰৱ এটা ৰাতিতে অহা নাছিল। ইয়াৰ পিছত বছৰ বছৰ ধৰি পৰিকল্পনা, পৰিশ্ৰম আৰু ত্যাগ লুকাই আছে।
এইদৰে জীৱনত সফল হ’বলৈও লাহেলাহে প্ৰচেষ্টা কৰিব লাগে। এজন ছাত্ৰই এটা দিনত অধ্যয়নৰ জৰিয়তে সফল হ’ব নোৱাৰে। এজন শিল্পীয়ে এটা মুহূৰ্ততে নিজৰ শিল্প কলাতসু-দক্ষ্য হ’ব নোৱাৰে। যিদৰে এটা বীজৰ পৰা এটা ডঙৰ গছ হ’বলৈ সময় লাগে, ঠিকতেনেদৰে ধৈৰ্য্য আৰু নিষ্ঠা নোহোৱাকৈ মানুহৰ উন্নতি সম্ভৱ নহয়। অতি সোনকালে অহা ফলাফল আকৰ্ষণীয় হয়, কিন্তু সেইবোৰ দীঘলীয়া সময়লৈকে নাথাকে।
সেয়ে, এই প্ৰবাদে আমাৰ ধৈৰ্য্য আৰু চেষ্টাৰ মূল্য শিকায়। আমি যদি প্ৰকৃততে মহৎ কিবা লাভ কৰিব বিচাৰোঁ, তেন্তে আমি অবিৰত প্ৰচেষ্টা কৰিব লাগিব আৰু কেতিয়াও আশা হেৰুৱাব নালাগিব। প্ৰতিটো পদক্ষেপত, প্ৰতিটো প্ৰচেষ্টাত, আমি সফলতাৰ পথ গঢ়ি তুলিব পাৰোঁ। যিদৰে ৰোমে সময়ৰ সৈতে গৌৰৱ লাভ কৰিছিল, তেনেকৈ আমিও দৃঢ় সংকল্পৰে আগবাঢ়িলে জীৱনত সফল হ’ব পাৰিম।

3. Honesty is the Best Policy (সাধুতাই উত্তম উপায়)
The proverb “Honesty is the best policy” means that truthfulness is the most valuable quality in life. An honest person is respected and trusted everywhere. Even if dishonest people may succeed for a short time, their lies are always discovered and they lose respect in the end. Honesty, on the other hand, gives a person peace of mind and long-lasting success.
In student life, honesty helps us to learn sincerely without cheating. In society, honest people are loved and admired because they make others feel safe. History shows that great men who followed the path of truth are still remembered with honour. Though honesty may sometimes bring difficulties at first, it always leads to better results in the future.
Thus, this proverb teaches us that honesty is not only a moral value but also the wisest way to live. A truthful life makes our character strong, wins the trust of others, and finally brings real happiness and success.
অসমীয়া অনুবাদ
সাধুতাই উত্তম উপায়
“সাধুতাই উত্তম উপায়” প্ৰবাদটোৰ অৰ্থ হ’ল যে সত্যবাদিতা জীৱনৰ আটাইতকৈ মূল্যবান গুণ। এজন সৎ মানুহ সকলো ঠাইতে সন্মান আৰু বিশ্বাসলাভ কৰে। অসৎমানুহে সাময়িকভাৱে সফল হ’বও পাৰে, কিন্তু শেষত তেওঁলোকৰ মিছা ধৰা পৰে আৰু সন্মান হেৰুৱাব লগা হয়। আনহাতে, সততা মানুহক মানসিক শান্তি আৰু দীঘলীয়া সফলতা দিয়ে।
ছাত্ৰ জীৱনত সততাই আমাৰ অধ্যয়নক আন্তৰিক কৰি তোলে আৰু কেতিয়াও নকল কৰাৰ প্ৰয়োজন নাথাকে। সমাজত, সৎমানুহক সকলোৱে ভালপায় আৰু সন্মান কৰে, কাৰণ তেওঁলোক সকলোৰে বিশ্বাস অর্জন কৰে। ইতিহাসে প্ৰমাণ দিছে যে যিসকল সত্যৰ পথ ধৰি চলিছিল, তেওঁলোকক আজিও সন্মানেৰে স্মৰণ কৰা হয়। সততাই প্ৰথমতে অসুবিধা আনিবও পাৰে, কিন্তু পিছত ই সৰ্বশ্ৰেষ্ঠ ফলাফল দিয়ে।
সেয়ে, এই প্ৰবাদে আমাক বুজাইছে যে সততা কেৱল এটা নৈতিক গুণ নহয়, ই আটাইতকৈ বুদ্ধিমান জীৱনধাৰাৰো নিদৰ্শন। এটা সত্যনিষ্ঠ জীৱনে আমাৰ চৰিত্ৰ শক্তিশালী কৰি তোলে, আনৰ বিশ্বাস অৰ্জন কৰে আৰু অন্তত সঁচাকৈ সুখ আৰু সফলতা প্ৰদান কৰে।
4. Morning Shows the Day (যি মূলা বাঢ়ে তাৰ দুপাততে চিন)
The proverb “Morning shows the day” teaches us the importance of a good beginning. Just as the freshness of the morning sets the mood for the whole day, the early stages of life decide the path for the future. If the morning is bright and clear, we expect a pleasant day. Similarly, if the foundation of our life is strong with good habits, discipline, and values, we can expect a successful future.
A child who studies sincerely and grows up with honesty is more likely to become a good and responsible person. On the other hand, if one starts life with laziness or bad habits, the future will be full of struggles. The saying reminds us that the beginning always reflects the result. Therefore, we should value our mornings and early life to build a better tomorrow.
অসমীয়া অনুবাদ
যি মূলা বাঢ়ে তাৰ দুপাততে চিন
“যি মূলা বাঢ়ে তাৰ দুপাততে চিন” এই প্ৰবাদবাক্যটোৱে আমাক এটা ভাল আৰম্ভণিৰ গুৰুত্ব শিকায়। যেনেকৈ ৰাতিপুৱাৰ সতেজতা আৰু সুন্দৰতা এটা দিনৰ পৰিৱেশ নিৰ্ধাৰণ কৰে, ঠিক তেনেকৈ প্ৰত্যেকজনৰ জীৱনৰ আৰম্ভণিটো ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰে। যদি ৰাতিপুৱা প্ৰসন্ন আৰু উজ্জ্বল হয়, তেনেহ’লে সেই দিনটোও মনোৰম হ’ব বুলি আশা কৰা যায়। ঠিক তেনেকৈ, যদি আমাৰ জীৱনৰ ভিটিত সৎ অভ্যাস, শৃংখলা আৰু নৈতিক মূল্যবোধ থাকে, তেনেহ’লে আমাৰ ভৱিষ্যতও সফল হ’ব।
প্ৰকৃততে, যদি কোনো শিশু ভালদৰে অধ্যয়ন কৰে আৰু সততাৰে ডাঙৰ হয়, তেনেহ’লে সেই শিশুটি আগলৈ গৈ এজন ভাল আৰু দায়িত্বশীল মানুহ হ’ব। কিন্তু যদি কেতিয়াবা কোনোবাই জীৱনক অলসতা বা দুষ্ট অভ্যাসৰে আৰম্ভ কৰে, তেনেহ’লে তেওঁৰ ভৱিষ্যত কষ্ট আৰু সমস্যাৰে ভৰি পৰিব। এই কথাটোৱে আমাক স্মৰণ কৰি দিয়ে যে আৰম্ভণিয়েই শেষত ফলাফল প্ৰকাশ কৰে। সেয়েহে, আমি সকলোৱে আমাৰ ৰতিপুৱা আৰু জীৱনৰ আৰম্ভণিৰ প্ৰতি সতৰ্ক হওঁ যাতে আগলৈ এটা উজ্জ্বল আৰু সফল ভৱিষ্যত গঢ়িব পাৰো।
5. Necessity is the Mother of Invention (অভাৱেই আৱিষ্কাৰৰ মূল)
The proverb “Necessity is the Mother of Invention” tells us that when people are in need, they try to find new ways and ideas to solve their problems. Human beings have always used their intelligence to make life easier and more comfortable.
From ancient times, necessity has guided inventions. Early humans invented fire to cook food and protect themselves. They made tools and the wheel to make their life better. Later, electricity, machines, trains, airplanes, and telephones were invented because people needed faster work, travel, and communication.
Even in recent times, necessity has given rise to new creations. During the pandemic, online classes and work-from-home became possible only because of human need. Vaccines were also developed to save lives.
Thus, it is true that every great invention has its root in necessity. Without need, man would never think of new ideas. Necessity gives birth to progress and helps the world to move forward. Truly, it can be said that necessity is the real mother of invention.
অসমীয়া অনুবাদ
অভাৱেই আৱিষ্কাৰৰ মূল
“অভাৱেই আৱিষ্কাৰৰ মূল” এই প্রবাদবাক্যটোৱে ক’ব খুজিছে যে মানুহে যেতিয়া আৱশ্যকতা বোধ কৰে, তেতিয়া তেওঁলোকে সমস্যাৰ সমাধান কৰিবলৈ নতুন পথ আৰু নতুন ধাৰণা বিচাৰে। মানুহ সদায় নিজৰ জীৱন সহজ আৰু সুকীয়া কৰাৰ বাবে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি আহিছে।
প্ৰাচীন সময়ৰ পৰা আৱশ্যকতাই আবিষ্কাৰবোৰক পথ দেখুৱাইছে। প্ৰাচীন মানুহসকলেআহাৰৰান্ধিবলৈ আৰু নিজৰ সুৰক্ষাৰ বাবে জুই আবিষ্কাৰ কৰিছিল। তেওঁলোকে জীৱন সুন্দৰ কৰাৰ বাবে যন্ত্ৰপাতি আৰু চকা তৈয়াৰ কৰিছিল । তাৰ পিছত বিদ্যুৎ, যন্ত্ৰ, ৰেলগাড়ী, বিমান, আৰু টেলিফোন আবিষ্কৃত হ’ল, কাৰণ মানুহে তৎপৰ কাম, ভ্ৰমণ, আৰু যোগাযোগৰ আৱশ্যকতা অনুভৱ কৰিছিল।
আধুনিক সময়তো আৱশ্যকতাই নতুন নতুন সৃষ্টিৰজন্মা দিছে। কেৱল মানুহৰ প্ৰয়োজনৰ বাবেহেমহামাৰীকালত অনলাইন ক্লাছ আৰু ঘৰতে কাম কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হ’ল । মানুহৰ প্ৰাণ ৰক্ষাৰ বাবে ভেকচিনো বিকাশিত হ’ল।
সেয়ে,আচল কথাটো হ’ল যে প্রতিটি মহান আবিষ্কাৰৰ মূলত আৱশ্যকতা থাকে। প্ৰয়োজন নাথাকিলে মানুহে কেতিয়াও নতুন ধাৰণাৰ কথা ভাবিব নোৱাৰে। আৱশ্যকতাই প্ৰগতিৰ জন্ম দিয়ে আৰু বিশ্বক আগবাঢ়িবলৈ সহায় কৰে। সঁচাকৈয়ে, আৱশ্যকতাই বা অভাৱেই আবিষ্কাৰৰ মূল।
6. United we stand, divided we fall
Answer: This proverb teaches us the power of unity. When people stay together and support each other, they become strong and can solve problems easily. But when they fight among themselves or get separated, they become weak and fail.
For example, a single stick can be broken easily, but a bundle of ten sticks cannot be broken. In the same way, a sports team wins only when all players pass the ball, defend, and attack together. In a family, if members stand by each other during a hard time, they can face any problem with courage. Even in a village, if people unite to clean the roads and drains, the whole village becomes healthy.
So, unity brings strength, safety, and success. Division brings loss, fear, and failure. We should always try to stay united in our family, playground and society.
অসমীয়াত অনুবাদ
উত্তৰঃ এই প্ৰবাদটোৱে আমাক একতাৰ শক্তি বিষয়ে শিকায়। মানুহে একেলগে থাকি এজনে আনজনক সহায় কৰিলে, সিহঁত শক্তিশালী হয় আৰু সহজে সমস্যা সমাধান কৰিব পাৰে। কিন্তু জেং-জেং কৰি বিভক্ত হ’লে, সিহঁত দুর্বল হয় আৰু শেষত বিফল হয়।
উদাহৰণস্বৰূপে, কেৱল এটা লাঠি আমি সহজে ভাঙি পেলাব পাৰি, কিন্তু দশটা লাঠি একেলগে বান্ধিলে আমি ভাঙিব নোৱাৰি। একেদৰে, এটা ক্ৰীড়া দলৰ সকলো খেলুৱৈয়ে বলটো এজনে আনজনক পাছ, ৰক্ষা আৰু আক্রমণ কৰিলেহে অতি সহজে জিতিব পাৰে। এখন পৰিয়ালতো যদি সকলো সদস্যই কষ্টৰ সময়ত একেলগে থিয় দিয়ে, তেন্তে যিকোনো সমস্যা সাহসেৰে সম্মুখীন হওঁতে সাহস পায়। এখন গাঁওতো যদি সকলোয়ে একেলগে ৰাস্তাঘাট আৰু নলা-নৰ্দমা পৰিষ্কাৰ কৰে, গাঁওখন নিৰোগ আৰু পৰিষ্কাৰ হৈ পৰে।
সেয়ে একতাই শক্তি, সুৰক্ষা আৰু সফলতা দিয়ে; বিভাজনে ক্ষতি, ভয় আৰু বিফলতা আনে। পৰিয়াল, খেলপথাৰ আৰু সমাজ সকলো ঠাইতে আমি একতাৰে থাকিবলৈ চেষ্টা কৰা উচিত।
7. Self-help is the best help
Answer: This proverb tells us not to wait for others to do our work. When we start a task by ourselves and put in honest effort, success comes faster. If we always depend on others, work gets delayed and we lose confidence.
For example, a student who begins studying on time, makes short notes, and practices questions daily does well in exams even if no one tutors him.
A cyclist who learns to fix a small puncture himself can continue the journey without waiting for a mechanic. At home, if a bulb stops working, learning to replace it safely saves both time and money.
Helping ourselves first also inspires others to help us. Teachers, parents, and friends gladly support a hardworking person. So, start the work, try sincerely, and ask for help only when truly needed because self-help is the best help.
অসমীয়াত অনুবাদ
উত্তৰঃ এই প্ৰবাদটোৱে ক’ব খোজে যে নিজৰ কামৰ বাবে আনৰ অপেক্ষা কৰিব নালাগে। আমি নিজেই কাম আৰম্ভ কৰি সততাৰে চেষ্টা কৰিলে, সফলতা অধিক সোনকালে আহে। সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে কাম লাগে লাগে আগবাঢ়ে আৰু আত্মবিশ্বাসো কমি যায়।
উদাহৰণস্বৰূপে, এজন ছাত্রই ঠিক সময়ত পঢ়া আৰম্ভ কৰি, সৰু-সৰু ন’ট প্ৰস্তুত কৰি প্ৰতিদিনে অনুশীলন কৰিলে, তেওঁ কোনো বিশেষ শিক্ষকৰ সহায় নোলোৱাকৈ ভাল নম্বৰ পাব পাৰে। এজন চাইকেল আৰোহীয়ে নিজে সৰু পাঙ্কচাৰ লগাই ল’ব শিকিলে, মেকানিকৰ বাবে ৰৈ নাথাকিলেও যাত্ৰা আগবঢ়াব পাৰে। ঘৰতে যদি বৈদ্যুতিক বাল্ব নষ্ট হয়, সেই বাল্বটো সাৱধানেৰে সলনি কৰিবলৈ শিকিলে সময় আৰু টকা দুয়োটাই নষ্ট নহয়।
নিজকে আগবঢ়াই সহায় কৰিলে আনেও আমাক সহায় কৰিবলৈ আগবাঢ়ে। শিক্ষক, অভিভাৱক আৰু বন্ধু সকলোয়ে কঠোৰ পৰিশ্ৰমীজনক সহায় কৰে।
সেয়ে কাম আৰম্ভ কৰা, আন্তৰিকতাৰে চেষ্টা কৰা, আৰু প্ৰয়োজন হ’লেহে সহায় বিচাৰা কাৰণ স্বসহায়তাই সৰ্বশ্ৰেষ্ঠ সহায়।
Download PDFসামৰণি
Amplification প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰবাদ-বাক্যৰ গভীৰ অৰ্থ স্পষ্ট আৰু সুন্দৰভাবে ব্যাখ্যা কৰা যায়। এই প্ৰবাদবোৰ কেৱল পাঠ্যপুথিৰ বাবে নহয়, আমাৰ দৈনন্দিন জীৱনৰ বাবে এক প্ৰেৰণা। এই amplification বোৰে ছাত্ৰ-ছাত্ৰীক ধৈৰ্য্য, চেষ্টা, সততা আৰু সৃজনশীলতাৰ পাঠ দিয়ে। সেয়ে এই amplification বোৰৰ অনুশীলনে কেৱল পৰীক্ষাৰ বাবে সহায়ক নহয়, ই ভবিষ্যতৰ জীৱন-পথতো পথপ্ৰদৰ্শক হিচাপে কাম কৰিব।
NCERT
SEBA
Paragraph Writing
Story Writing
Class 9 English Beehive
Report Writing
FAQ (Frequently Asked Questions)
Q1. What is amplification in English writing?
Answer: Amplification is a writing technique where a short idea or proverb is explained in detail with examples. It helps students write clear, exam-ready answers.
Q2. Why is amplification important for Class 9 students?
Answer: Amplification improves a student’s ability to explain proverbs and moral lessons. It also helps in exams where clear, detailed answers are rewarded.
Q3. Which are the most common amplification topics for Class 9?
Answer: Some popular topics are: A Rolling Stone Gathers No Moss, Rome Was Not Built in a Day, Morning Shows the Day, Necessity is the Mother of Invention, and Honesty is the Best Policy.
Q4. Can I get Assamese translations of amplifications?
Answer: Yes, this post provides both English amplification and Assamese translation for Class 9 students, making it easier to understand and learn.
Q5. How should I write an amplification in exams?
Answer: Start with the meaning of the proverb, explain it with examples, and conclude with a moral or life lesson. Keep it simple and clear.