English Prepositions with Assamese Meaning: Complete Guide, Examples and Exercises

English Prepositions with Assamese Meaning are an essential part of English grammar. Every student must understand English Prepositions with Assamese Meaning to speak and write correct English. Prepositions help connect nouns, pronouns, and other words in a sentence.

This complete guide on English Prepositions with Assamese Meaning will help HSLC students and beginners learn definitions, rules, examples, and exercises in very simple language.

Visit our website for more study materials.

Scan the QR Code for more Educational Resources

English Prepositions with Assamese Meaning, Examples and Exercises

1. Distribute the mangoes _________ these ten boys. (between /among /in)

Answer: Among
Among: দুটা বা দুজনতকৈ বেছিৰ মাজত বুজাবলৈ among ব্যৱহাৰ কৰা হয়। ইয়াত দশজন ল’ৰাৰ মাজত আম বিলাব লাগে, গতিকে among শুদ্ধ।
Example: Distribute the books among the students.
Between: কেৱল দুজন বা দুটা বস্তুৰ মাজত ব্যৱহাৰ কৰা হয়।
Example: Divide the money between Ram and Hari.
In: ভিতৰত বুজাবলৈ ব্যৱহাৰ কৰা হয়।
Example: The pen is in the bag.

2. We are not satisfied ______ your work. (with /by /at)

Answer: With
With: কোনো কাম বা বস্তুৰ বিষয়ে সন্তুষ্ট বা অসন্তুষ্ট বুজাবলৈ with ব্যৱহাৰ কৰা হয়। ইয়াত কামত সন্তুষ্ট নহয় বুজাইছে।
Example: I am satisfied with your performance.

3. The lady is blind ______ the fault of her son. (of/ to/ at)

Answer: To
Blind to: কোনো ভুল বা সত্য নেদেখা বা নুবুজা বুজাবলৈ Blind to ব্যৱহাৰ কৰা হয়। ইয়াত পুত্ৰৰ ভুল নেদেখা বুজাইছে।
Example: He is blind to his faults.

4. They will have finished the work ______ Sunday next. (on / in / by)

Answer: By
By: কোনো নিৰ্দিষ্ট সময়ৰ আগতে কাম শেষ হ’ব বুজাবলৈ ব্যৱহাৰ কৰা হয়।
Example: I will complete this work by tomorrow.
On: নিৰ্দিষ্ট দিন বুজায় বা English week days ৰ আগত On ব্যৱহাৰ কৰা হয়। যেনে On Sunday, on Monday.
Example: He will come on Sunday.

5. Please apply ______ the Principal. (for /to /with)

Answer: To
Apply to: কাৰোবাক আবেদন কৰা বুজাবলৈ Apply to ব্যৱহাৰ কৰা হয়।
Example: Apply to the headmaster.
For: কোনো বস্তু বিচৰা বুজাবলৈ Apply for লগত ব্যৱহাৰ কৰা হয়।
Example: He is going to apply for a job.

6. What are you asking ______? (for /to /by)

Answer: For
Explanation:
Ask for: কোনো বস্তু বিচৰা বুজাবলৈ Ask for ব্যৱহাৰ কৰা হয়।
Example: He is asking for money.

7. Send the reply ______ post. (to /for /by)

Answer: By
By: কোনো মাধ্যম বুজাবলৈ Send By ব্যৱহাৰ কৰা হয়। ইয়াত ডাক মাধ্যম বুজাইছে।
Example: Send the letter by post.

8. Don’t be angry ______ me. (at /with /of)

Answer: With
Angry with: কাৰোবাৰ ওপৰত বা কোনো ব্যক্তিৰ লগত খং থকা বুজালে Angry with ব্যৱহাৰ কৰা হয়।
Example: He is angry with his friend.
Angry at: কোন ব্যক্তিৰ কাৰ্য বা কৰ্মত খং থকা বুজালে Angry at ব্যৱহাৰ কৰা হয়।
Example: I am angry at your failure.

9. He lives ______ hand to mouth. (by /from /with)

Answer: From
From hand to mouth: কষ্টৰে জীৱন চলোৱা বুজালে বা কোনো মতে খাই জীৱন চলোৱা বুজালে live From hand to mouth ব্যৱহাৰ কৰা হয়।
Example: Poor people live from hand to mouth.

10. Please convey the message ______ all. (to /for /from)

Answer: To
Convey to: কাৰোবালৈ বাৰ্তা জনোৱা ক্ষেত্ৰত Convey to ব্যৱহাৰ কৰা হয়।
Example: Convey the news to everyone.

11. We are not interested ______ you stay. (in /by /with)

Answer: In
Interested in: কোনো ক্ষেত্ৰত বা বিষয়ত আগ্ৰহ থকা বা নথকা বুজালে Interested in ব্যৱহাৰ কৰা হয়।
Example: I am interested in music.

12. The car ran ______ the goat. (with /along /over)

Answer: Over
Ran over: ওপৰত গৈ পাৰ হোৱা বা গাড়িৰে চেপা দিয়া বুজালে Run over ব্যৱহাৰ কৰা হয় ।
Example: The bus ran over the dog.

13. Death is common ______ all. (to /in /about)

Answer: To
Common to: সকলোৰে বাবে একে বুজালে Common to ব্যৱহাৰ কৰা হয়।
Example: This disease is common to children.
Death comes to everyone sooner or later. (সকলোৰে বাবে একে)

14. He always runs ______ money. (for / towards / after)

Answer: After
Run after: পিছত দৌৰা বা বিচৰা বা লোভী বুজালে Run after ব্যৱহাৰ কৰা হয়।
Example: He runs after success.

15. The hunter aimed ______ the animal. (to/ at/ for)

Answer: At
Aim at: লক্ষ্য কৰা বুজালে Aim at ব্যৱহাৰ কৰা হয়।
Example: Aim at the target.

16. Students long ______ holidays. (about/ upon/ for)

Answer: For
Long for: আকাংক্ষা কৰা বুজালে Long for ব্যৱহাৰ কৰা হয়।

17. Bipul is blessed ______ good health. (with/ in/ of)

Answer: With
Blessed with: ভাল বস্তু আশীৰ্বাদ হিচাপে পোৱা বুজালে Blessed with ব্যৱহাৰ কৰা হয়।
Example: He is blessed with talent/ sweet voice.

18. The boat is sailing ______ the river. (over/ along/ across)

Answer: Across

Across: এটা পাৰৰ পৰা আন পাৰলৈ যোৱা বুজালে Across ব্যৱহাৰ কৰা হয়।
Example: He swam across the river.

19. It has been raining ______ the whole day. (since/ for/ till)

Answer: For

For: সময়ৰ দৈৰ্ঘ্য বুজালে তৰোপৰি Present perfect continuous tense ত ব্যপক সময় বুজাবলৈ Forব্যৱহাৰ কৰা হয়।
Example: It rained for two hours.

20. Today is February 28 ______ 2009. (by /of/ on)

Answer: Of
Of: তাৰিখ, মাহ আৰু বছৰৰ সংযোগত Of ব্যৱহাৰ কৰা হয়।
Example: 5th March of 2010.

21. Happiness consists ______ speaking the truth. (in/ of/ at)

Answer: In
Consists in: নিহিত হৈ থকা বুজালে Consists in ব্যৱহাৰ কৰা হয়।
Example: Happiness consists in helping others/ speaking the truth, contentment, satisfaction, honesty.
Consists of: কিবা বস্তুৰে গঠিত হোৱা বুজালে Consists of ব্যৱহাৰ কৰা হয়।
Example: The book consists of 8 chapters. The house consists of 2 rooms.

22. There is no one to take care ______ the old lady. (for/ of/ with)

Answer: Of
Take care of: যত্ন লোৱা বুজালে Take care of ব্যৱহাৰ কৰা হয়।
Example: Take care of your mother.

23. We should not boast ______ our wealth. (at/ of/ to)

Answer: Of
Boast of: গৌৰৱ কৰা বুজালে Boast of ব্যৱহাৰ কৰা হয়।
Example: He boasts of his success.

24. The boy is junior ______ me. (to/ by/ for)

Answer: To
Junior to: কাৰোবাতকৈ বয়স, পদ বা অভিজ্ঞতাত কম হোৱা বুজাবলৈ junior to ব্যৱহাৰ কৰা হয়। ইয়াত ল’ৰাটো মোৰতকৈ সৰু বা জুনিয়ৰ বুজাইছে, গতিকে to শুদ্ধ।
Example: He is junior to me in service.

Note: Junior, superior, inferior, senior, injurious, prefer এই শব্দবোৰৰ লগত সদায় ব্যৱহাৰ কৰা হয়।

25. This house consists ______ five rooms. (on/ of/ with)

Answer: Of
Consists of: কিবা বস্তুৰে গঠিত হোৱা বুজাবলৈ consists of ব্যৱহাৰ কৰা হয়। ইয়াত ঘৰটো পাঁচটা কোঠাৰে গঠিত হোৱা বুজাইছে।
Example: The class consists of fifty students.

26. The sky is ______ our heads. (on/ over/ above)

Answer: Above
Above: ওপৰত কিন্তু স্পৰ্শ নকৰাকৈ থকা বুজাবলৈ ব্যৱহাৰ কৰা হয়। আকাশ আমাৰ মূৰৰ ওপৰত আছে, কিন্তু স্পৰ্শ কৰা নাই।
Example: The sun is above our heads.

27. Distribute these mangoes ______ both the boys. (between/ among/ to)

Answer: Between
Between: দুজন বা দুটাৰ মাজত ব্যৱহাৰ কৰা হয়। ইয়াত ল’ৰা দুজনৰ মাজত বিলাই দিয়াৰ কথা কোৱা হৈছে।
Example: Distribute sweets between the two girls.

28. Cows live ______ grass. (by/with/on)

Answer: On
Live on: কোনো খাদ্য খাই জীৱন চলোৱা বুজাবলৈ Live on ব্যৱহাৰ কৰা হয়। গৰুয়ে ঘাঁহ খাই জীৱন চলায়।
Example: Cows live on grass.
Live By: কোনো কৰ্ম বা কোনো মাধ্যম অবলম্বন কৰি জীয়াই থকা বুজালে Live By ব্যৱহাৰ কৰা হয়।
Example: The old man lives by begging door to door.
Live From: কষ্টৰে জীৱন চলোৱা বুজালে বা কোনো মতে খাই জীৱন চলোৱা বুজালে live From hand to mouth ব্যৱহাৰ কৰা হয়।
Example: Poor people live from hand to mouth.

29. A greedy man always hankers ______ money. (in/ after/ for)

Answer: After
Hanker after: কিবা বস্তুৰ বাবে অতিশয় ইচ্ছা কৰা বুজায়। লোভী মানুহে সদায় টকা পোৱাৰ ইচ্ছা কৰে।
Example: He hankers after wealth.

30. Do you agree ______ my proposal? (at/ to/ with)

Answer: To
Agree to: কোনো প্ৰস্তাৱ বা পৰিকল্পনাৰ সৈতে সন্মতি দিয়া বুজালে Agree to ব্যৱহাৰ কৰা হয়।
Example: I agree to your plan/ point of view/ suggestions.
Agree With: কাৰোবাৰ সৈতে সন্মতি দিয়া বুজালে Agree with ব্যৱহাৰ কৰা হয়।

31. Our class teacher is ______ leave. (at/ on/ by)

Answer: On
On leave: ছুটীত থকা বুজাবলৈ On leave ব্যৱহাৰ কৰা হয়।
Example: He is on leave today.

32. He was appointed ______ the post. (to/ for/ in)

Answer: To
Appointed to: কোনো পদত বা কাৰ্যত নিযুক্ত কৰা বুজালে Appointed to ব্যৱহাৰ কৰা হয়।
Example: He was appointed to the post of manager.

33. Shoes are made ______ leather. (of/ from/ with)

Answer: Of
Made of: নতুন কৈ গঠিত হোৱা বস্তুটোত মূল বস্তুটো চিনাক্ত কৰিব পাৰিলে Made of ব্যৱহাৰ কৰা হয়। জোতা চামড়াৰে বনোৱা। আমি জোতাত মুল বস্তু চামড়া চিনাক্ত কৰিব পাৰি।
Example: The chair is made of wood.
Made From: নতুন কৈ গঠিত হোৱা বস্তুটো মূল বস্তুটো পৰা ৰূপ সম্পূৰ্ণ সলনি হ’লে Made From ব্যৱহাৰ কৰা হয়।
Example: Curd is made from milk.

34. Butter is made ______ milk. (of/ with/ from)

Answer: From
Made from: মূল বস্তুৰ ৰূপ সলনি হৈ নতুন বস্তু হ’লে Made from ব্যৱহাৰ কৰা হয়। মাখন গাখীৰৰ পৰা বনোৱা হয়।
Example: Cheese is made from milk.

35. He died ______ the accident. (in/ at/ by)

Answer: In
Die in: কোনো ঘটনা বা দুৰ্ঘটনাত মৃত্যু হোৱা বুজালে Die in ব্যৱহাৰ কৰা হয়।
Example: He died in a road accident.
Die of: বেমাৰত মৃত্যু হোৱা বুজালে Die of ব্যৱহাৰ কৰা হয়।
Example: The man died of Cancer/ Malaria.
Die from: অত্যাধিকৰ ফলত মৃত্যু হোৱা বুজলে Die from ব্যৱহাৰ কৰা হয়।
Example: The man died from hard word/ over eating.

36. He lives ______ begging. (by/ at/ on)

Answer: By
Live by: কোনো কামৰ মাধ্যমেৰে জীৱন চলোৱা বুজাবলৈ by ব্যৱহাৰ কৰা হয়। ইয়াত তেওঁ ভিক্ষা কৰি জীৱন চলায় বুজাইছে।
Example: He lives by teaching.

37. Do not hanker ______ wealth. (for/ after/ by)

Answer: After
Hanker after: অত্যাধিক ইচ্ছা কৰা বুজাবলৈ ব্যৱহাৰ কৰা হয়।
Example: He hankers after money.

38. China is ______ the north of India. (to/ on/ in)

Answer: To
To the north of: কোনো ঠাই কোনো দিশ অৱস্থিত বুজাবলৈ To ব্যৱহাৰ কৰা হয়। China, India ৰ উত্তৰত অৱস্থিত।
Example: Nepal is to the north of India.

39. He went to Guwahati ______ bus. (in/ by/ for)

Answer: By
By bus: যাতায়াতৰ মাধ্যম বুজাবলৈ বা যান বাহনেৰে যাতায়ত কৰা বুজালে By ব্যৱহাৰ কৰা হয়।
Example: He goes to school by bus/ car/ bicycle/ auto-rikswa, motor bike/ train.

40. I bought the pen ______ twenty rupees. (in/ by/ for)

Answer: For
For: কোনো বস্তু কিনা বা বেচাৰ দাম বুজাবলৈ For ব্যৱহাৰ কৰা হয়।
Example: I bought this book for 100 rupees.

41. He deals very nicely ______ customers. (to/ with/ in)

Answer: With
Deal with: কাৰোবাৰ সৈতে ব্যৱহাৰ কৰা বুজাবলৈ Deal with ব্যৱহাৰ কৰা হয়।
Example: He deals well with people.
Deal in: ব্যৱসা কৰা বুজাবলৈ Deal in ব্যৱহাৰ কৰা হয়।
Example: He deals in rice.

42. The man returned ______ abroad. (on/ from/ to)

Answer: From
From: কোনো ঠাইৰ পৰা অহা বুজাবলৈ From ব্যৱহাৰ কৰা হয়।
Example: He returned from Delhi.

43. I saw him leaning ______ the wall. (on/ over/ to)

Answer: Against
Lean against: কোনো বস্তুৰ ওপৰত ভৰ দিয়া বা কোনো বস্তুৰ support লোৱা বুজাবলৈ Lean against ব্যৱহাৰ কৰা হয়।
Example: He leaned against the wall.

44. She was not present ______ the class. (in/ at/ for)

Answer: in

45. Does the bus stop ______ the station? (at/ in/ on)

Answer: At

At: নিৰ্দিষ্ট ঠাইত বুজাবলৈ At ব্যৱহাৰ কৰা হয়।
Example: The train stops at the station.

46. There is a bridge ______ the river. (on/ over/ at)

Answer: Over
Over: ওপৰেৰে পাৰ হোৱা বুজালে বা স্পৰ্শ নকৰি ওপৰত থকা বুজালে বা আৱৰণ হৈ থকা বুজালে Over ব্যৱহাৰ কৰা হয়।
Example: There is a bridge over the river.
The umbrella is over my head.
The blanket is over the child (আৱৰণ হৈ থকা বুজাইছে)

47. The boy has not quite recovered ______ illness. (by/ from/ of)

Answer: From
Recover from: বেমাৰৰ পৰা আৰোগ্য হোৱা বুজালে Recover –ৰ লগত from ব্যৱহাৰ কৰা হয়।
Example: He recovered from fever.

48. The birds are flying ______ the bridge. (on/ over/ at)

Answer: Over
Over: ওপৰেৰে যোৱা বা উৰি যোৱা বুজাবলৈ over ব্যৱহাৰ কৰা হয়। ইয়াত চৰাইবোৰ সেতুৰ ওপৰেৰে উৰি আছে।
Example: The birds are flying over the trees.

49. His father died ______ malaria. (from/ of/ by)

Answer: Of
Died of: ৰোগৰ কাৰণে মৃত্যু হোৱা বুজাবলৈ of ব্যৱহাৰ কৰা হয়।
Example: He died of cancer.

50. This table is made ______ wood. (of/ from/ with)

Answer: Of
Made of: বস্তুটো চিনাক্ত কৰিব পৰা গ’লেই of ব্যৱহাৰ কৰা হয়। টেবুলখন কাঠৰে বনোৱা।
Example: The chair is made of wood.

51. Youth of a man is compared ______ the spring season. (to/ with/ from)

Answer: To
Compared to: বেলেগ বস্তুৰ মাজত তুলনা কৰা বুজাবলৈ Compared to ব্যৱহাৰ কৰা হয়।
Example: Life is compared to a journey.
Her beauty is compared to rose.
His anger is compared to fire.
Compare With: ব্যক্তিৰ মাজত তুলনা কৰা বুজালে Compare With ব্যৱহাৰ কৰা হয়।
Example: Kalidas is often compared with Shakespeare

52. I do not believe ______ his honesty. (in/ on/ with)

Answer: In
Believe in: বিশ্বাস কৰা বুজাবলৈ Believe –ৰ লগত সদায় in ব্যৱহাৰ কৰা হয়।
Example: I believe in God.

53. You must care ______ your parents. (for/ to/ of)

Answer: For
Care for: যত্ন লোৱা বুজাবলৈ Care for ব্যৱহাৰ কৰা হয়।
Example: We must care for our elders.

54. The police found a clue ______ the murder. (to/ of/ for)

Answer: To
Clue to: কোনো ঘটনাৰ সংকেত বা সূত্ৰ বুজাবলৈ Clue –ৰ লগত সদায় to ব্যৱহাৰ কৰা হয়।
Example: Police found a clue to the theft.

55. The doctor is not ______ home. (for/ to/ at)

Answer: At
At home: ঘৰত থকা বুজাবলৈ At home ব্যৱহাৰ কৰা হয়।
Example: He is at home now.

56. He was appointed ______ the post. (to/ in/ of)

Answer: To
Appointed to: কোনো পদত বা কাৰ্যত নিযুক্ত কৰা বুজালে Appointed to ব্যৱহাৰ কৰা হয়।
Example: He was appointed to the job.

57. Rabi is ______ Babul and Abdul. (among/between/across)

Answer: Between
Between: দুজনৰ মাজত বুজাবলৈ Between ব্যৱহাৰ কৰা হয়। ইয়াত Babul আৰু Abdul দুজন আছে।
Example: He is sitting between Ram and Hari.

58. He was sure ______ success. (of/ in/ for)

Answer: Of
Sure of: নিশ্চিত হোৱা বুজাবলৈ Sure of ব্যৱহাৰ কৰা হয়।
Example: He is sure of victory.

59. She gets up ______ dawn. (in/ at/ by)

Answer: At
At dawn: নিৰ্দিষ্ট সময় বুজাবলৈ বা dawn শব্দৰ আগত At ব্যৱহাৰ কৰা হয়।
Example: He wakes up at dawn.

60. Why are you angry ______ me? (to/ at/ with)

Answer: With
Angry with: কাৰোবাৰ ওপৰত খং থকা বুজাবলৈ with ব্যৱহাৰ কৰা হয়। ইয়াত মোক লৈ খং কৰা বুজাইছে।
Example: He is angry with his brother.

61. The poor man lives ______ begging. (by/ on/ from)

Answer: By

Live by: কোনো কাম কৰি জীৱন চলোৱা বুজাবলৈ Live by ব্যৱহাৰ কৰা হয়। ইয়াত ভিক্ষা কৰি জীৱন চলোৱা বুজাইছে।
Example: He lives by farming.

62. Smoking is injurious ______ health. (for/ to/ with)

Answer: To
Injurious to: ক্ষতিকাৰক হোৱা বুজাবলৈ বা Injurious শব্দটিৰ আগত to ব্যৱহাৰ কৰা হয়।
Example: Smoking is injurious to health.

63. We see ______ our eyes. (by/ in/ with)

Answer: With
With: শৰীৰৰ অংগ ব্যৱহাৰ কৰি কাম কৰা বুজাবলৈ With ব্যৱহাৰ কৰা হয়। আমি চকুৰে দেখো।
Example: He writes with his hand.
We walk with our legs.

64. We have faith ______ God. (in/ of/ for)

Answer: In
Faith in: বিশ্বাস থকা বুজাবলৈ Faith –ৰ লগত সদায় in ব্যৱহাৰ কৰা হয়।
Example: We have faith in God.

65. Ramen does not believe ______ ghosts. (at/ on/ in)

Answer: In
Believe in: বিশ্বাস কৰা বুজাবলৈ Believe –ৰ লগত সদয় in ব্যৱহাৰ কৰা হয়।
Example: He does not believe in magic.

66. The father has no control ______ his son. (on/ over/ upon)

Answer: Over
Control over: নিয়ন্ত্ৰণ থকা বা নথকা বুজাবলৈ Control -ৰ লগত over ব্যৱহাৰ কৰা হয়।
Example: He has control over his team.

67. The teacher was angry ______ his conduct. (with/ at/ to)

Answer: at
Angry at: কাৰোবাৰ আচৰণ, কথা আদিৰ ওপৰত খং থকা বুজাবলৈ angry at ব্যৱহাৰ কৰা হয়। ইয়াত শিক্ষকে তেওঁৰ আচৰণত খং কৰিছে।

68. He entrusted me ______ the letter. (with/ on/ upon)

Answer: With
Entrust with: কোনো বস্তুৰ দায়িত্ব দিয়া বুজাবলৈ Entrust with ব্যৱহাৰ কৰা হয়। ইয়াত মোক চিঠিৰ দায়িত্ব দিয়া হৈছে।
Example: He entrusted me with the money.

69. I sent the letter ______ hand. (by/ with/ in)

Answer: By
By hand: নিজে লৈ যোৱা বা ব্যক্তিগতভাৱে পঠোৱা বুজাবলৈ By hand ব্যৱহাৰ কৰা হয়।
Example: He sent the parcel by hand.

70. The students were sitting ______ their desks. (by/ in/ at)

Answer: At
At desk: ডেস্কত বহি থকা বুজাবলৈ At desk ব্যৱহাৰ কৰা হয়।
Example: Students are sitting at their desks.

71. He often suffers ______ illness. (in/ from/ with)

Answer: From
Suffer from: অসুখত ভোগা বুজাবলৈ Suffer –ৰ লগত সদায় from ব্যৱহাৰ কৰা হয়।
Example: He suffers from fever.

72. The story was written ______ red ink. (with/ in/ by)

Answer: In
In ink: চিয়াঁহীৰে লিখা বুজাবলৈ In ink ব্যৱহাৰ কৰা হয়।
Example: Write the answer in ink.

73. The beggar was blind ______ one eye. (of/ by/ with)

Answer: of
Blind in: এটা চকুৰে নেদেখা বুজালে Blind –ৰ লগত of ব্যৱহাৰ কৰা হয়।

74. I shall look ______ the complaint. (for/ about/ into)

Answer: Into
Look into: অনুসন্ধান কৰা বা তদন্ত কৰা বুজালে Look –ৰ লগত into ব্যৱহাৰ কৰা হয়।
Example: Police will look into the matter.

Look For: বিচৰা।
Example: She is looking for a job.

Look after: তত্বাবধন লোৱা।
Example: He looks after his old parents.

75. The boy is weak ______ English. (in/ at/ of)

Answer: In
Weak in: কোনো বিষয়ত দুৰ্বল হোৱা বুজালে Weak –ৰ লগত in ব্যৱহাৰ কৰা হয়।
Example: He is weak in Mathematics.
Weak At: কোনো বিষয়ত দক্ষ হোৱা বুজালে Weak –ৰ লগত At ব্যৱহাৰ কৰা হয়।
Example: He is good in Mathematics.

76. Who are you waiting ______? (to/ for/ by)

Answer: For
Wait for: কাৰোবাৰ বাবে অপেক্ষা কৰা বুজালে Wait –ৰ লগত for ব্যৱহাৰ কৰা হয়।
Example: I am waiting for my friend.

77. The boy was convicted ______ theft. (for/ from/ of)

Answer: Of
Convicted of: অপৰাধত দোষী সাব্যস্ত হোৱা বুজালে Convicted –ৰ লগত of ব্যৱহাৰ কৰা হয়।
Example: He was convicted of murder.

78. You cannot rely/ depend ______ a liar. (in/on/of)

Answer: On
Rely on: নিৰ্ভৰ কৰা বা নকৰা বুজালে Rely/ depend –ৰ লগত on ব্যৱহাৰ কৰা হয়।
Example: Do not rely on strangers.

79. Do not boast ______ your wealth. (in/ for/ of)

Answer: Of
Example: He boasts of his success.

80. Many people died ______ cancer. (in/ from/ of)

Answer: Of
Died of: ৰোগৰ কাৰণে মৃত্যু হোৱা বুজালে Die –ৰ লগত of ব্যৱহাৰ কৰা হয়।

Example: He died of cancer.

81. Silk worms thrive ______ mulberry trees. (in/ on/ over)

Answer: On
Thrive on: কোনো বস্তুৰ ওপৰত নিৰ্ভৰ কৰি ভালদৰে বৃদ্ধি হোৱা বুজাবলৈ on ব্যৱহাৰ কৰা হয়। ৰেচম পোকাই মালবাৰী গছৰ পাত খাই বৃদ্ধি পায়।
Example: Silkworms thrive on mulberry leaves.

82. I warned him ______ driving so fast. (for/ on/ against)

Answer: Against
Warn against: কোনো কাম নকৰিবলৈ সতৰ্ক কৰা বুজাবলৈ Warn against ব্যৱহাৰ কৰা হয়।
Example: The teacher warned him against bad habits.

83. She is good ______ music. (in/at/for)

Answer: At
Good at: কোনো বিষয়ত দক্ষ হোৱা বুজাবলৈ at ব্যৱহাৰ কৰা হয়।
Example: She is good at singing.

84. Steel is made ______ iron ores. (of/ from/ by)

Answer: From
Made from: মূল বস্তুৰ ৰূপ সলনি হৈ নতুন বস্তু হ’লে from ব্যৱহাৰ কৰা হয়। ষ্টীল লোৰ পৰা বনোৱা হয়।
Example: Paper is made from wood.

85. We are proud ______ our country. (for/ with/ of)

Answer: Of
Proud of: গৌৰৱ অনুভৱ কৰা বুজালে Proud –ৰ লগত সদায় of ব্যৱহাৰ কৰা হয়।
Example: We are proud of our nation.

86. He is eligible ______ the post. (for/ at/ of)

Answer: For
Eligible for: যোগ্য হোৱা বুজাবলৈ Eligible –ৰ লগত সদায় for ব্যৱহাৰ কৰা হয়।
Example: He is eligible for the job.

87. He did not comply ______ my request. (to/ with/ in)

Answer: With
Comply with: মানি লোৱা বা পালন কৰা বুজাবলৈ Comply –ৰ লগত সদায় with ব্যৱহাৰ কৰা হয়।
Example: He complied with the rules.

88. Father was very angry ______ my misconduct. (with/ at/ in)

Answer: At
Angry at: কাৰো আচৰণ বা ঘটনাৰ ওপৰত খং কৰা বুজালে Angry –ৰ লগত সদায় at ব্যৱহাৰ কৰা হয়।
Example: He was angry at my mistake.

89. Give me a pen to write ______. (by/ with/ in)

Answer: With
Write with: কোনো বস্তু ব্যৱহাৰ কৰি লিখা বুজাবলৈ with ব্যৱহাৰ কৰা হয়।
Example: PleasecWrite with a pen.

90. Our class is divided ______ two sections. (in/ into/ to)

Answer: Into
Divide into: ভাগ কৰা বুজাবলৈ বুজাবলৈ Divide –ৰ লগত সদায় into ব্যৱহাৰ কৰা হয়।
Example: The class is divided into groups.

91. You should have regards ______ your elders. (to/ by/ for)

Answer: For
Regards for: সন্মান থকা বুজাবলৈ বুজাবলৈ Regards –ৰ লগত সদায় for ব্যৱহাৰ কৰা হয়।
Example: We have respect for our elders.

92. Anger is compared ______ fire. (to/ with/ into)

Answer: To
Compared to: বেলেগ বস্তুৰ মাজত তুলনা কৰা বুজাবলৈ Compare –ৰ লগত সদায় to ব্যৱহাৰ কৰা হয়।
Example: Anger is compared to fire.

93. Our school is ______ the main road. (on/ in/ at)

Answer: On
On: ৰাস্তাৰ কাষত বুজাবলৈ on ব্যৱহাৰ কৰা হয়। ইয়াত বিদ্যালয়টো মূল ৰাস্তাৰ কাষত অৱস্থিত।
Example: The shop is on the main road.

94. The man died ______ taking poison. (for/ by/ of)

Answer: Of
Died of: আত্মহত্যা কৰি মৃত্যু হোৱা বুজাবলৈ Die of ব্যৱহাৰ কৰা হয়। ইয়াত বিষ খোৱাৰ ফলত মৃত্যু হোৱা বুজাইছে।
Example: He died of poison.

95. He does not take proper care ______ his books. (to/ for/ of)

Answer: Of
Take care of: যত্ন লোৱা বুজাবলৈ Take care of ব্যৱহাৰ কৰা হয়।
Example: Take care of your health.

96. He goes to school ______ foot. (by/ on/ with)

Answer: On
On foot: খোজ কাড়ি যোৱা বুজাবলৈ On foot ব্যৱহাৰ কৰা হয়।
Example: He goes on foot.

97. I want to discuss the matter ______ you. (to/ with/ for)

Answer: With
Discuss with: কাৰোবাৰ সৈতে আলোচনা কৰা বুজালে Discuss –ৰ লগত সদায় with ব্যৱহাৰ কৰা হয়।
Example: I discussed the problem with him.

98. A nurse attends ______ the patient. (on/ at/ upon)

Answer: On
Attend on: ৰোগীক যত্ন লোৱা বা সেৱা কৰা বুজাবলৈ Attend on ব্যৱহাৰ কৰা হয়।
Example: The nurse attends on the patient.

99.  Her husband was again absorbed ______ his newspaper. (at/ in/ by)

Answer: In
Absorbed in: সম্পূৰ্ণ মনোযোগ দিয়া বুজাবলৈ Absorbed in ব্যৱহাৰ কৰা হয়।
Example: He is absorbed in study.

100. For information you should apply ______ the secretary. (for/ to/ at)

Answer: To
Apply to: কাৰোবাক আবেদন বা যোগাযোগ কৰা বুজাবলৈ apply to ব্যৱহাৰ কৰা হয়। ইয়াত তথ্যৰ বাবে সচিবলৈ আবেদন কৰিব লাগে।
Example: Apply to the principal for admission.

102. He was not satisfied ______ my conduct. (at/ for/ with)

Answer: With
Satisfied with: সন্তুষ্ট হোৱা বা অসন্তুষ্ট হোৱা বুজাবলৈ Satisfied with ব্যৱহাৰ কৰা হয়।
Example: He is satisfied with his result.

103. Success depends ______ how you work. (on/ upon/ at)

Answer: On
Explanation:
Depends on: নিৰ্ভৰ কৰা বুজাবলৈ Depend on ব্যৱহাৰ কৰা হয়।
Example: Success depends on hard work.
Depend Upon: formal ব্যৱহাৰ, কিন্তু on অধিক সাধাৰণ।

104. We should carry ______ the orders of our posts. (with/ on/ out)

Answer: Out
Carry out: পালন কৰা বা কাৰ্যকৰী কৰা বুজাবলৈ Carry out ব্যৱহাৰ কৰা হয়।
Example: Soldiers carry out orders.

105. What is the time ______ your watch? (at/ with/ by)

Answer: By
By your watch: তোমাৰ ঘড়ীৰ মতে সময় বুজাবলৈ By your watch ব্যৱহাৰ কৰা হয়।
Example: By my watch it is 10 AM.

106. Please don’t break in ______ our conversation. (to/ into/ on)

Answer: Into
Break into: মাজত বাধা দিয়া বা হঠাতে সোমোৱা বুজাবলৈ Break into ব্যৱহাৰ কৰা হয়।
Example: Do not break into the meeting.

107.  Headmaster will preside ______ the meeting. (over/ at/ on)

Answer: Over
Preside over: সভা পৰিচালনা কৰা বুজাবলৈ Preside –ৰ লগত সদায় over ব্যৱহাৰ কৰা হয়।
Example: He will preside over the function.

108. Always beware ______ false friends. (from/ of/ with)

Answer: Of
Beware of: সাৱধান থকা বুজাবলৈ Beware –ৰ লগত সদায় of ব্যৱহাৰ কৰা হয়।
Example: Please beware of dogs.

109. He has no taste ______ music. (of/ for/ in)

Answer: For
Taste for: আগ্ৰহ বা পছন্দ থকা Taste for বুজাবলৈ ব্যৱহাৰ কৰা হয়।
Example: He has taste for art.

110. Which hand do you write ______? (with/ by/ on)

Answer: With
Write with: কোনো বস্তু ব্যৱহাৰ কৰি লিখা বুজাবলৈ with ব্যৱহাৰ কৰা হয়।
Example: He writes with his right hand.

111. The hunter killed the tiger ______ his gun. (by/ with/ at)

Answer: With
With: কোনো অস্ত্ৰ বা বস্তু ব্যৱহাৰ কৰি কাম কৰা বুজাবলৈ With ব্যৱহাৰ কৰা হয়।
Example: He killed the snake with a stick.

Frequently Asked Questions (FAQ)

1. What is the difference between “in”, “on”, and “at”?

Answer:
In = ভিতৰত (inside)
Example: The pen is in the box.
On = ওপৰত (on surface)
Example: The book is on the table.
At = ত (specific place)
Example: He is at school.

2. Where can I learn English Prepositions with Assamese Meaning easily?

Answer: You can learn English Prepositions with Assamese Meaning easily from educational websites like:
www.tolearny.com
This website provides easy explanations, examples, and exercises for students.

Leave a Comment