বায়ু দূষণ আজিৰ সময়ৰ এক ডাঙৰ সমস্যা। যান-বাহনৰ ধোঁৱা, কাৰখানাৰ ধোঁৱা আৰু আবর্জনা জ্বলাই ত্যাগ কৰা গেছবোৰে আমাৰ বায়ুক ক্ষতিকাৰক কৰি তুলিছে। এই দূষণত মানুহ, প্ৰাণী আৰু উদ্ভিদ সকলোৰে জীৱন বিপদত পৰিছে। এই প্ৰবন্ধত আমি বায়ু দূষণৰ মূল কাৰণ, ইয়াৰ প্ৰভাৱ আৰু সৰু-সৰু পদক্ষেপৰ জৰিয়তে কেনেকৈ ইয়াক ৰোধ কৰিব পৰা যায় সেইবোৰ সহজ ভাষাত আলোচনা কৰিম।
Air Pollution
Air pollution has become one of the greatest problems of our time. The smoke from vehicles, factories, and burning of waste is filling the air with dangerous gases. These gases not only harm human health but also affect animals, plants, and the whole environment. Breathing in polluted air causes diseases like asthma, lung problems, and even heart troubles. If we do not control air pollution today, the coming generations will have to suffer more. We must take strong steps now to keep our air clean and safe. Clean air is the right of every living being, and saving it means saving life itself. Together we can make our earth a healthier and happier place to live.
পৰীক্ষা জীৱনৰ এটা গুৰুত্বপূর্ণ পৰ্ব। ভালকৈ প্ৰস্তুতি ললে পৰীক্ষাত সফল হোৱাটো অতি সহজ হয়। প্ৰথমতে এটা সময়সূচী বনাব লাগে। প্রতিদিনে কোন বিষয় কিমান সময় অধ্যয়ন কৰিবা সেইটো আগতেই স্থিৰ কৰা উচিত। অধ্যয়ন সময়ত মন একাগ্ৰ কৰি পঢ়া আৰু যি বিষয়ত দুর্বল লাগে সেইটো বেছি সময় দি অনুশীলন কৰা উচিত।
প্ৰতিদিনে অলপ সময় লৈ পুনৰাবৃত্তি কৰাটো অতি প্ৰয়োজনীয়। লিখি লিখি অনুশীলন কৰিলে স্মৃতি শক্তি মজবুত হয়। অধিক পৰিমাণে প্ৰশ্নোত্তৰ অনুশীলন কৰিলে পৰীক্ষাত উত্তৰ লিখিবলৈ সহজ হয়।
অধ্যয়ন কৰাৰ মাজত অল্প বিশ্রাম ল’ব লাগে যাতে মন সতেজ থাকে। পৰ্যাপ্ত টোপনি, স্বাস্থ্যকৰ আহাৰ আৰু নিয়মিত ব্যায়ামও পৰীক্ষাৰ সময়ত অতি দৰকাৰী।
অৱশেষত, পৰীক্ষাত ভয় বা উৎকণ্ঠা কৰিব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু শান্ত মনেৰে পৰীক্ষা দিব লাগে। মনত ৰাখিবা – অধ্যৱসায়, সময়ৰ সঠিক ব্যৱহাৰ আৰু একাগ্ৰতাই পৰীক্ষাত সফলতাৰ সোপান।
কঠিন বিষয়ত ভাল হোৱাৰ উপায়
যি বিষয়ক আমি কঠিন বুলি ভাবো, সেই বিষয়ত ভয় কৰিব নালাগে। প্ৰথমত মনোবল দৃঢ় কৰিব লাগিব আৰু ভাবিব লাগিব – “এই বিষয়টোও মই শিকিব পাৰিম।”
প্ৰথমতে মূল ভিত্তি বা বুনিয়াদি অংশবোৰ ভালকৈ বুজি ল’ব লাগে। শিক্ষক বা বন্ধুজনৰ পৰা যি অংশ বুজি নপাও সেইবোৰ সুধিব লাগে। বুজা নোহোৱা অংশ এৰি আগবাঢ়িলে বিষয়টোৰ ওপৰত ভয় বাঢ়ে।
প্ৰতিদিনে অলপ অলপ কৰি নিয়মিত অনুশীলন কৰাটো অতি জৰুৰী। লিখি লিখি চর্চা কৰিলে স্মৃতি শক্তি মজবুত হয় আৰু যি অংশ কঠিন লাগে সেয়া সহজ লাগে।
অতিৰিক্ত সময় কঠিন বিষয়ত দিব লাগে, আৰু যি অংশত ভুল হয় সেইবোৰ পুনৰাবৃত্তি কৰি ঠিক কৰি লৈ যাব লাগে।
সবাতোকৈ গুৰুত্বপূর্ণ কথা হ’ল ধৈৰ্য্য আৰু চেষ্টা। কেতিয়াও হতাশ হ’ব নালাগে। অধ্যৱসায় আৰু মনোযোগ থাকিলে কঠিন বিষয়ও সহজ হৈ পৰে আৰু সেই বিষয়ত আমি নিশ্চয় সফল হব পাৰো।