NCERT | The Adventure of Toto Class 9 | Textual Question Answers & Extra Questions with Solutions | Moments

Introdicton

“The Adventure of Toto” পাঠখন NCERT Moments Class 9 ৰ এটা ৰসাল আৰু মনোৰঞ্জনমূলক কাহিনী। পাঠখনত লিখকে নিজৰ ককা দেউতাই এটা সৰু বান্দৰ কিনি আনি ঘৰখনত কি ধৰণৰ দুষ্টুমি কৰিছিল সেয়া এক আকৰ্ষণীয় ভঙীৰে দৰ্শাইছে। ট’টো নামৰ এই বান্দৰটোৱে কেতিয়াবা হাঁহি, কেতিয়াবা অস্বস্তি, আৰু কেতিয়াবা একেবাৰে মজাৰ পৰিৱেশ সৃষ্টি কৰিছিল। ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই পাঠখন খুবেই আগ্ৰহজনক কাৰণ ইয়াৰ পৰা আমি কেৱল আনন্দ নাপাও, লগতে প্ৰাণীৰ স্বাভাৱ আৰু মানুহে সিহঁতৰ লগত কৰা ব্যৱহাৰো বুজি পাব পাৰোঁ।

Summary (সাৰাংশ)

“Adventure of Toto” পাঠখনত ককা দেউতই এজন ঘোঁড়া গাড়ী চালকৰ পৰা এটা সৰু বান্দৰ ট’টো কিনি আনিছিল। প্ৰথমতে তেওঁক  লুকুৱাই ৰখা হৈছিল, কিন্তু ট’টো একেবাৰে দুষ্টামি স্বভাৱৰ আছিল। তেওঁ কাপোৰ ফালি পেলোৱা, থালি ভঙা, আৰু পানীৰ টবত গাঁ-ধোৱা  আদি ধৰণৰ অসংখ্য কাণ্ড কৰিছিল। ককা দেউতৰ  মনত ট’টো অতি প্ৰিয় হৈছিল যদিও ঘৰখনৰ সকলোৰে বাবে তেওঁ এক প্ৰচুৰ সমস্যাৰ কাৰণ হৈ পৰিছিল। শেষত ট’টোৰ অতিদুষ্ট স্বভাৱৰ বাবে তাক বিক্ৰী কৰি দিয়া হয়। সঁচাকৈয়ে এই পাঠখনত প্রাণীৰ কৌতুকজনক আচৰণ আৰু মানুহৰ সৈতে সিহঁতৰ সম্পর্কৰ এক সজীৱ চিত্ৰ অঙ্কিত হৈছে।

The Adventures of Toto – Questions and Answers (English to Assamese Translation)

Textual Questions and Answers with Assamese Translation

1. How does Toto come to grandfather’s private zoo? (2014)

টোটো কিদৰে ককাৰ ব্যক্তিগত চিৰিয়াখানাত আহিছিল? (২০১৪)

Ans- A tonga-driver had a little red monkey that was tied to a feeding-trough. It looked so out of place there. So, grandfather decided to keep it in his private zoo. That is why; he bought Toto from the tonga-driver for five rupees.

উত্তৰ- এজন টঙা গাড়ী (ঘোড়া গাড়ী) চালকে এটা সৰু ৰঙা বাঁন্দৰ ধৰি থৈছিল আৰু বান্দৰটোক খোৱা পাত্ৰৰ সন্মুখত বান্ধি থৈছিল। বাঁন্দৰটো তাত উপযুক্ত পৰিৱেশত নাছিল। সেয়ে ককাই বান্দৰটোক নিজৰ ব্যক্তিগত চিৰিয়াখানাত ৰাখিবলৈ ভাবিলে। সেই কাৰণে ককাই মাত্ৰ পাচ টকাত বান্দৰটোক টঙা গাড়ী চলোৱা মানুহজনৰ পৰা কিনি আনিছিল ।

2. “Toto was a pretty monkey”. In what sense is Toto pretty?

“টোটো এটা সুন্দৰ বাঁন্দৰ আছিল”। কেনেকৈ টোটো এটা সুন্দৰ বাঁন্দৰ আছিল?

Ans: Toto’s bright eyes shone with mischief under his thick eyebrows. He often showed his white teeth to frighten people. His playful and lively nature made him look more attractive. That is why,  people say that “Toto is a pretty monkey.”

উত্তৰ- টোটোৰ ডাঠ চকুৰ চেলাউৰিৰ তলত থকা  উজ্বল চকু দুটাই  দুষ্টামিৰ ভাৱখিনি জিলিকি তুলিছিল। তেওঁ প্ৰায়ে মানুহক ভয় দেখুৱাবলৈ নিজৰ বগা উজ্জল দাঁত প্ৰদৰ্শন কৰিছিল। তেওঁৰ ধেমালীয়া স্বভাৱ আৰু প্ৰফুল্ল আচৰণেই তেওঁক আৰু আকৰ্ষণীয় কৰি তুলিছিল। সেই কাৰণেই মানুহে কয় যে “টোটো এটা সুন্দৰ বাঁন্দৰ।”

3. Why does grandfather take Toto to Saharanpur and how?

ককাই কিয় টোটোক চাহাৰানপুৰলৈ লৈ গৈছিল আৰু কেনেদৰে লৈ গৈছিল?

Ans- Grandfather thought that if Toto was left alone in his private zoo with other companions, he would not allow them to sleep well at night. So, he took Toto with him to Saharanpur.

Toto was taken in a big black canvas kit-bag with some straw at the bottom. He closed the bag and had no escape for Toto.

উত্তৰ- ককাই ভাবিছিল যদি টোটোক নিজৰ চিৰিয়াখানাত আন প্ৰাণীসকলৰ লগত ৰখা হয়, তেন্তে টোটোৱে নিশা আন জন্তুবোৰক ভালদৰে টোপনি মাৰিব নিদিব। সেয়ে ককাই তাক লগত লৈ চাহাৰানপুৰলৈ গৈছিল।

ককাই টোটোক এটা ডাঙৰ ক’লা কেনভাছ বেগত (মোনাত) লৈ গৈছিল যাৰ তলিত খেৰ বা শুকান ঘাঁহ ৰখা আছিল। তেওঁ মোনাটো বন্ধ কৰি দিছিল আৰু  তেতিয়া টোটোৰ মোনাৰ পৰা ওলাই অহাৰ কোনো পথ নাছিল।

4. How does Toto take a bath? Where has he learnt to do this? How does Toto boil himself alive?

টোটো কিদৰে গাঁ-ধুইছিল? তেওঁ এইটো কেনেকৈ শিকিছিল? টোটোৱে কেনেকৈ নিজক জীৱন্ত অৱস্থাত উতলই পেলাইছিল?

Ans- Toto takes a bath in a large bowl of warm water. He could cunningly test the temperature of the water with his hands and feet and steps into it gradually. He would take the soap in his hands or feet and rubbed himself all over.

Toto learnt to do it from the author.

One day Toto gets in the water of a large kitchen kettle which had been left on the fire for tea. When the water began to boil, he raised himself a little. He continued hopping up and down for some time. Then grandmother arrived and saved him from boiling alive.

উত্তৰ- টোটোৱে এটা ডাঙৰ পাত্ৰত থকা গৰম পানীত গাঁ-ধুইছিল। হাতেৰে পানীৰ উষ্ণতা পৰীক্ষা কৰি লাহে লাহে পানীত সোমাইছিল। তেওঁ চাবোনেৰে নিজৰ শৰীৰটো ঘঁহিছিল।

টোটোৱে লিখকৰ পৰা এই কৌশলটো শিকিছিল।

এদিন ৰন্ধা ঘৰত চাঁহ বনোৱাৰ বাবে এটা ডাঙৰ কেটলীত পানী ৰখা আছিল আৰু কেটলীটো জুইৰ ওপৰত ৰখা আছিল, টোটো তাত গা-ধুৱলৈ সোমাছিল। যেতিয়া পানীখনি গৰম হ’বলৈ আৰম্ভ হ’ল, টোটোৱে কেতিয়াবা উপৰলৈ উঠিবলৈ চেষ্টা কৰিলে আৰু কেতিয়াবা পানীত সোমাই থাকিল। এনেদৰে কিছু সময় চলি থাকিল। পাছত আইতাই আহি টোটোক boil হোৱাৰ পৰা বচাই লৈছিল।

5. Why does the author say, “Toto was not the sort of pet we could keep for long”?

লিখকে কিয় কৈছে –“টোটো এনে ধৰণৰ পোহনীয়া প্ৰাণী নহয় যাক আমি দীঘলীয়া দিনৰ বাবে ৰাখিব পাৰিম”?

Ans- Toto was in the habit of breaking dishes and containers, tearing clothes and wallpapers. Grandfather’s family was not so well to-do-to bear all the losses. So, the author says “Toto was not the sort of pet we could keep for long”.

উত্তৰ- টোটোৰ থাল-বাটি ভাঙি পেলোৱা, কাপোৰ ছিঙা, দেৱালৰ কাগজ ছিঙি পেলোৱা আদিৰ অভ্যাস আছিল। ককাইৰ পৰিয়াল তিমান ধনী নাছিল যে সদায় এই ক্ষতিসমূহ সহ্য কৰিব পাৰিব। সেয়ে লিখকে কৈছে – “টোটো এনে ধৰণৰ পোহনীয়া প্ৰাণী নহয় যাক আমি দীঘলীয়া সময়ৰ বাবে ৰাখিব পাৰিম”।

Extra Questions and Answers with Assamese Translation

1. What happened when Toto was taken to Saharanpur? Or why does the ticket collector insist on calling Toto a dog?

টোটোক সাহাৰানপুৰলৈ লৈ যোৱাৰ সময়ত কি হৈছিল? অথবা টিকট সংগ্ৰাহকে কিয় টোটোক কুকুৰ বুলি জোৰ কৈছিল?

Ans- As Toto does not allow the other animals to sleep with him so grandfather took Toto with him to Saharanpur in a big black canvas kit-bag with some straw at the bottom. The closed the bag and it has no escape for Toto. At Saharanpur when the collector was checking tickets, Toto popped up his head and grinned at him. He became surprised at the sight of the monkey. He took Toto for a dog because he found it four-footed. So, he charged fare for it.

উত্তৰ- টোটো আন প্ৰাণীসকলক নিজৰ লগত শুৱলৈ নিদিয়ে, সেইবাবে কাকাই টোটোক এটা ডাঙৰ ক’লা কেনভাছ বেগত শুকান খেৰেৰে বা শুকান ঘাঁহৰে তলত সজাই লৈ সাহাৰানপুৰ লৈ গৈছিল। বেগটো বন্ধ আছিল আৰু টোটোৰ তাৰ পৰা ওলোৱাৰ উপায় নাছিল। সাহাৰানপুৰত টিকট সংগ্ৰাহকে টিকট পৰীক্ষা কৰোঁতে, টোটোৱে বেগৰ পৰা মুৰটো ওলাই দি হাঁহি দিলে। বান্দৰৰ এই দৃশ্যত টিকিট সংগ্ৰাহকজনে আচৰিত হৈ পৰিলে। টোটোৰ চাৰিটা ঠেং দেখি টিকট সংগ্ৰাহকজন টোটক কুকুৰ বুলি ভাবি নিলে। সেয়ে তেওঁ টোটোৰ পৰা ভাড়া ল’লে।

2. What did Toto do with the dish of pullao?

টোটোৱে পোলাওৰ থালীৰ সৈতে কি কৰিছিল?

Ans- One day Toto was seen at lunch time to have pullao from a large dish on the dining table. The author’s grandmother screamed at the sight. Then Toto threw a plate to her. When one of the author’s aunts rushed forward, Toto threw a glass of water to her face. But when the author’s grandfather came, Toto climbed up a jackfruit tree with the dish of pullao. He ate them slowly in the tree. When grandfather screamed at him, Toto threw the dish down and chattered with delight as it broke into pieces.

উত্তৰ- এদিনা দুপৰীয়া ভোজনৰ সময়ত টোটোক খোৱাৰ টেবুলত ৰখা ডাঙৰ থালীৰ পৰা পোলাও খাই থকা দেখা গৈছিল। এই দৃশ্যটো দেখি লিখকৰ আইতাই চিঞৰি উঠিছিল। তেতিয়া টোটোৱে তেওঁৰফালে এটা থালী নিক্ষেপ কৰিছিল। যেতিয় লেখকৰ এজনী খুৰীয়ে ল’ৰাল’ৰীকৈ টোটোক খেদিবলৈ আহিছিল, টোটোৱে তেওঁৰ মুখত পানীৰ গ্লাছ নিক্ষেপ কৰিছিল। কিন্তু লিখকৰ ককা দেউতা আহোঁতে, টোটোৱে পোলাওৰ থালী লৈ কঁঠাল গছত উঠি গ’ল। টোটোৱে গছৰ ওপৰত বহি অলপ অলপকৈ খাই থাকিল। যেতিয়া ককা দেউতাই টোটোক চিঞৰিছিল, টোটোৱে থালীখন তললৈ পেলাই দিলে আৰু থালীখন টুকুৰা হৈ ভাঙি যোৱাৰ লগে লগে  টোটোৱে আনন্দতে কঁকালি মাৰিছিল।

3. Describe how Toto took his bath.

টোটোৱে কেনেদৰে গা-ধুইছিল বৰ্ণনা দিয়া।

Ans- Toto took bath like a man. He imitated the author and learnt how to bath in winter hot water. Toto first checked the temperature of the water with his hand and then slowly stepped into the water, first one foot, and then the other until he was into the water up to his neck. Then he rubbed his body with soap. Thus he took his bath.

উত্তৰ- টোটোৱে মানুহৰ দৰে গাঁ-ধুইছিল। তেওঁ লিখকক অনুকৰণ কৰি শীতৰ দিনত গৰম পানীত গাঁ-ধুৱলৈ শিকিছিল। প্ৰথমে টোটোৱে হাতৰে পানীৰ তাপমান পৰীক্ষা কৰিছিল আৰু তাৰপিছত অলপ অলপকৈ পানীত খোজ দিছিল, পানীখিনি টোটোৰ ডিঙি পৰ্যন্ত আহি পোৱা লৈকে তেওঁ প্ৰথমত এটা ঠেং আৰু তাৰ পিছত আনটো ঠেং দি পানীত সোমাইছিল। তাৰ পিছত তেওঁ গোটেই শৰীৰত চাবোন ঘষি লৈছিল। এইদৰে টোটোৱে গাঁ-ধুইছিল।

সামৰণি

“Adventure of Toto” পাঠখন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে শিক্ষামূলক আৰু মনোৰঞ্জনমূলক দুয়োটাই প্ৰদান কৰী। ইয়াত ট’টোৰ দুষ্টামিৰ জৰিয়তে পাঠকে আমাক দেখুৱাইছে যে প্ৰাণীবোৰ জীৱন্ত, সজীৱ আৰু মানুহৰ দৰে আচৰণ আৰু অনুভূতি থাকে। লগতে এই পাঠটোৰ জৰিয়তে আমি উপলব্ধি কৰিব পাৰো যে প্রাণীক পোহ-পাল দিয়া মানেই কেৱল আনন্দ নহয়, কিছু দায়িত্ব আৰু দায়বদ্ধতাও থাকে।

Shehinai of Bismillah Khan

A Legend of the Northland

My Childhood

Leave a Comment