How to Prepare for HSLC Exam 2026: Simple, Step-by-Step Plan for Class 10 Students

Introduction

The HSLC exam is one of the most important milestones in a student’s academic journey. It not only decides the next step in education but also helps in building confidence and discipline. Many students feel nervous while preparing for the HSLC Exam, but the truth is, with the right strategy, consistent practice, and proper planning, anyone can score well. This post is designed to provide Class 10 students appearing in the HSLC Exam 2026 with a complete, step-by-step preparation guide. The tips given here are simple, unique, and easy to follow. If you follow the tips then 100% sure that you will get the best result.

পৰিচয়

HSLC পৰীক্ষা হৈছে এটা ছাত্রজীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ মাইলষ্ট’ন। এই পৰীক্ষাই কেৱল শিক্ষাৰ আগৰ পথ নিৰ্ধাৰণ কৰি দিয়ে তেনেই নহয়, ইয়াৰ উপৰিও এটা শিশুৰ আত্মবিশ্বাস আৰু শৃংখলাও গঢ়ি তোলে। HSLC ৰ নাম শুনিলেই বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভয় আৰু চিন্তিত অনুভৱ কৰে। কিন্তু সঁচা কথা হ’ল যে—যদি আমি সঠিক কৌশল, নিয়মীয়া অধ্যয়ন আৰু উপযুক্ত পৰিকল্পনাৰে সাজি লৈ অধ্যয়ন কৰোঁ, তেন্তে যিকোনো ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ লাভ কৰিব পাৰে। তলত উল্লেখ কৰা পদক্ষেপবোৰ বিশেষকৈ ২০২৬ চনৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হব লগা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰা হৈছে। ইয়াত আমি সম্পূৰ্ণৰূপে ধাপে-ধাপে পৰীক্ষা প্রস্তুতিৰ পথ দেখুৱাইছোঁ। টিপ্‌ছবোৰ অতি সাধাৰণ, সহজে বুজিব পৰা আৰু অনন্য ৰূপত লিখা হৈছে যাতে সকলোৰে বাবে সহায়ক হৈ উঠে।

Start with the official syllabus

The first and most important step is to understand the syllabus thoroughly. Without knowing what to study, students often waste time on unnecessary topics. The SEBA/HSLC syllabus clearly mentions the chapters, topics, and marks distribution for each subject. Download the syllabus PDF, SEBA ONLINE SYLLABUS highlight important chapters, and prepare a roadmap. This will ensure that you do not miss anything important and that your efforts are targeted.

প্ৰথমত অফিচিয়েল পাঠ্যক্রমৰে আৰম্ভ কৰিব লাগিব

পৰীক্ষাৰ বাবে সঠিক প্ৰস্তুতি ল’বলৈ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূর্ণ পদক্ষেপ হৈছে পাঠ্যক্রম সম্পূৰ্ণৰূপে বুজি পাৱ লাগিব। কোনটো বিষয় অধ্যয়ন কৰিব লাগিব সেইটো যদি ভালদৰে বুজি লোৱা নহয়, তেন্তে বহুতো সময় অপ্রয়োজনীয় বিষয়ত নষ্ট হৈ যায়। SEBA/HSLC পাঠ্যক্রমত প্রতিটো বিষয়ৰ অধ্যায়, বিষয়বস্তু আৰু নম্বৰ বণ্টনৰ বিষয়ে স্পষ্টকৈ উল্লেখ থাকে। প্ৰথমত পাঠ্যক্রমৰ PDF ডাউনলোড কৰি ল’ব লাগিব, গুৰুত্বপূর্ণ অধ্যায়বোৰ হাইলাইট কৰিব লাগিব আৰু অধ্যয়নৰ বাবে এটা পৰিকল্পনা সাজি ল’ব লাগিব। ইয়াৰ ফলত কোনো গুৰুত্বপূর্ণ বিষয় বাদ নপড়িব আৰু আপোনাৰ চেষ্টা সঠিক দিশত লক্ষ্যভেদ হ’ব।

1. Make a realistic study timetable

A timetable is your roadmap for success. Instead of studying randomly, create a practical schedule that balances all subjects. Divide your day into study blocks of 45–60 minutes, followed by a short 10–15 minute break. Include both difficult and easy subjects every day so that you don’t feel stressed and have fear. Use weekends for extended revision sessions and MOCK TEST. Remember, it is not about studying long hours but about studying smartly and regularly.

১. বাস্তৱসম্মত অধ্যয়ন সময়সূচী বনাব লাগিব

সময়সূচী হৈছে আপোনাৰ সফলতাৰ পথচিহ্ন। অব্যৱস্থাপূর্ণভাবে অধ্যয়ন কৰাৰ পৰিৱৰ্তে, সকলো বিষয় সমভাবে ধৰি এটা বাস্তৱসম্মত সময়সূচী বনাব লাগিব। দিনটোক ৪৫–৬০ মিনিটৰ অধ্যয়ন ব্লকত ভাগ কৰি লওক আৰু প্ৰতিটো ব্লকৰ পিছত ১০–১৫ মিনিটৰ সৰু বিৰতি লওক। প্ৰতিদিনে কঠিন আৰু সহজ দুয়ো ধৰনের বিষয় অন্তৰ্ভুক্ত কৰি লওক যাতে চাপ অনুভৱ নহয়। শনিবাৰ আৰু দেওঁবাৰৰ দিনবোৰ ডাঙৰ পুনৰাৱৃত্তি (revision) আৰু মক টেষ্টৰ বাবে ৰাখিব পাৰে। সদায় মনত ৰাখিব, কেৱল দীৰ্ঘ সময় ধৰি অধ্যয়ন কৰাটোৱে সাফল্য নিশ্চিত নকৰে, বৰঞ্চ বুদ্ধিমানভাবে আৰু নিয়মীয়াভাৱে অধ্যয়ন কৰাটোৱে আপোনাৰ সফলতা নিশ্চিত কৰিব।

2. Subject-wise strategy

Each subject requires a slightly different preparation technique. Here are some simple strategies:

First Language / MIL: Focus on reading comprehension, poetry, prose, and grammar. Practice writing long answers and unseen passages.

English: Practice comprehension, essays, and letters. Revise grammar weekly. Learn basic structures for essay and letter writing.

Mathematics: Practice is the key. Solve problems daily. Revise formulas and solve previous years’ question papers.

Science: Focus on concepts and diagrams. Maintain a formula sheet and revise it daily. Practice writing short answers and definitions.

Social Science: Create notes for history events and geography maps. Practice writing answers in a structured way with dates and examples.

২. বিষয়ভিত্তিক কৌশল

প্ৰতিটো বিষয়কেই অলপ অলপকৈ ভিন্ন ধৰণেৰে প্ৰস্তুতি ল’ব লাগে। সঠিক পদ্ধতি জানিলে অধ্যয়ন সহজ আৰু আকৰ্ষণীয় হয়। ইয়াত কিছুমান সাধাৰণ কৌশল তলত দিয়া হৈছে

প্ৰথম ভাষা / MIL: পাঠ , কবিতা, গদ্য আৰু ব্যাকৰণ আদিবোৰ বুজি লোৱাত বিশেষ মনোযোগ দিব লাগিব। দীঘল উত্তৰ আৰু অনভিজ্ঞ অনুচ্ছেদ (unseen passages) লিখাত অভ্যাস কৰিব লাগিব।

ইংৰাজী: comprehension, essay, story writing, report writing আৰু letter লিখাত নিয়মীয়াভাৱে অনুশীলন কৰিব লাগিব। প্ৰতিসপ্তাহে grammar পুনৰাবৃত্তি কৰিব লাগিব। essay, letter, story writing আৰু report writing ৰ বাবে সহজ sentence structure শিকিব লাগিব।

গণিত: এই বিষয়ত সাফল্যৰ মূল মন্ত্র হৈছে অনুশীলন (Practice)। প্ৰতিদিনে সমস্যাৰ সমাধান কৰিব লাগিব। ফৰ্মুলা ৰিভাইজ কৰিব লাগিব আৰু আগৰ বছৰৰ প্ৰশ্নপত্ৰ সমাধান কৰিব লাগিব।

বিজ্ঞান: ধাৰণা বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু ছবি আঁকাৰ অনুশীলন কৰিব লাগিব। নিজে এটা formula sheet বনাই প্রতিদিনে তাক চাব লাগিব। সৰু উত্তৰ আৰু সংজ্ঞা লিখাৰ অভ্যাস কৰিব লাগিব।

সমাজ বিজ্ঞান: ইতিহাসৰ ঘটনাসমূহৰ বাবে টোকা বনাব লাগিব আৰু ভূগোলৰ বাবে মানচিত্র আঁকাত অভ্যাস কৰিব লাগিব। উত্তৰবোৰ সময়, তাৰিখ আৰু উদাহৰণ দি শৃংখলাবদ্ধভাবে লিখাৰ অভ্যাস কৰিব লাগিব।

3. Active learning methods

Simply reading from textbooks is not enough. Active learning ensures better memory and understanding. Write short notes, create flashcards, and prepare mind maps for every chapter. Explain topics to a friend or family member — teaching others strengthens your knowledge. Use self-tests and QUIZZES to check your preparation level.

৩. সক্ৰিয় অধ্যয়নৰ পদ্ধতি

মাত্ৰ পাঠ্যপুথি পঢ়ি থাকিলে নহয়, বিষয়বোৰ মনত দীৰ্ঘদিন থকাটো কঠিন হৈ পৰে। সক্ৰিয় অধ্যয়ন কৰিলে ভালদৰে মনত পৰে আৰু বুজি পোৱাত সহজ হয়। প্ৰতিটো অধ্যায়ৰ সৰু সৰু টোকা বনাব লাগে, ফ্লেচকাৰ্ড বনাব লাগে আৰু মাইণ্ড মেপ আঁকিবলৈ শিকিব লাগে। কোনো বন্ধু বা পৰিয়ালৰ সদস্যক বিষয়বোৰ বুজাই দিবলৈ চেষ্টা কৰিব লাগে কাৰণ আনক শিকোৱাটোতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বেছি দৃঢ় হয়। সময় সময়ত নিজৰ ওপৰত পৰীক্ষাব্ল’ব লাগে, সৰু কুইজ বনাব লাগে। ইয়াত আপোনাৰ প্ৰস্তুতি কিমান মজবুত হৈছে সেয়া স্পষ্ট হৈ উঠিব।

আপুনি যদি এই পদ্ধতিসমূহ ব্যৱহাৰ কৰে, তেন্তে শিকিনি আনন্দদায়ক হব আৰু মনত ৰাখিবলৈ বহুত সহজ হ’ব।

4. Revision plan

Revision should not be left for the last moment. Instead, plan your revision in stages:

Two months before exam: Finish the syllabus at least once and start giving weekly mock tests.

One month before exam: Focus more on revision notes, formula sheets, and past papers.

Two weeks before exam: Only revise. Do not pick up new topics. Solve full papers under exam conditions.

৪. পুনৰাৱৃত্তিৰ পৰিকল্পনা

পুনৰাৱৃত্তি পৰীক্ষাৰ মুহূৰ্তলৈ ৰাখিলে ভয়ঙ্কৰ ভূল হ’ব। তাৰ পৰিৱৰ্তে ধাপ ধাপে পৰিকল্পনা কৰি চলিব লাগিব।

পৰীক্ষাৰ দুমাহ আগতে: অন্তত এবাৰ সম্পূৰ্ণ পাঠ্যক্ৰম শেষ কৰিব লাগিব আৰু প্ৰতি সপ্তাহে মক টেষ্ট দিয়াৰ আৰম্ভ কৰিব লাগিব।

পৰীক্ষাৰ এমাহ আগতে: বিশেষকৈ পুনৰাৱৃত্তি টোকা, ফৰ্মুলাৰ শ্বীট আৰু আগৰ প্ৰশ্নপত্ৰবোৰত অধিক মন দিয়া উচিত।

পৰীক্ষাৰ দু সপ্তাহ আগতে: কেৱল পুনৰাৱৃত্তি কৰিব লাগিব। নতুন কোনো বিষয় স্পৰ্শ কৰাটো উচিত নহয়। পৰীক্ষাৰ দৰে পৰিৱেশ সৃষ্টি কৰি পূৰ্ণ প্ৰশ্নপত্ৰ সমাধান কৰিব লাগে। এনে ধৰণে পুনৰাৱৃত্তি কৰিলে আত্মবিশ্বাস বহুগুণে বৃদ্ধি পাব আৰু পৰীক্ষাত ভুল কৰাৰ সম্ভাৱনা কমি যাব।

5. Mock tests and previous years’ papers

Practicing past papers is the best way to get exam-ready. It helps you understand the pattern, improve speed, and manage time. Make it a habit to solve one paper every week. Review your mistakes and keep a notebook where you note down all repeated errors.

৫. মক টেষ্ট আৰু আগৰ বছৰৰ প্ৰশ্নপত্ৰ

আগৰ বছৰৰ প্ৰশ্নপত্ৰ অনুশীলন কৰাটো পৰীক্ষাৰ বাবে সঁচাকৈয়ে আটাইতকৈ ভাল উপায়। ইয়াৰ দ্বাৰা প্ৰশ্নপত্ৰৰ ধৰণ বুজি পাব পাৰি, উত্তৰ লিখাৰ গতি বৃদ্ধি হয় আৰু সময় ব্যৱস্থাপনাও সহজ হয়। প্ৰতি সপ্তাহত অন্তত এটা প্ৰশ্নপত্ৰ সমাধান কৰিবলৈ অভ্যাস কৰিব লাগিব। উত্তৰ লিখোতে যি ভূলবোৰ হৈ থাকে, সেইবোৰ ৰিভিউ কৰি এটা বিশেষ বহীত টোকা কৰি ৰাখিব লাগে। পুনৰাবৃত্তি কৰোঁতে সেই ভুলবোৰৰ ওপৰত বিশেষ দৃষ্টি দিলে পৰীক্ষাৰ দিনত একে ভুল পুনৰাবৃত্তি হ’ব নোৱাৰে। এই অভ্যাসে ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাসী কৰি তুলিব আৰু প্ৰশ্নপত্ৰৰ মুখামুখি হোৱাৰ সাহস বহুগুণে বৃদ্ধি কৰিব।

6. Exam-day and answer-writing tips

On the day of the exam, stay calm and confident. Read the paper carefully for the first few minutes and mark the questions you want to attempt first. Write answers neatly with proper structure — an introduction, body, and conclusion. For mathematics and science, always show the steps of your work, as partial marks are awarded.

৬. পৰীক্ষাৰ দিন আৰু উত্তৰ লিখাৰ টিপছ

পৰীক্ষাৰ দিনত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে শান্ত আৰু আত্মবিশ্বাসী হৈ থকাটো। প্ৰথম কেই মিনিটত প্ৰশ্নপত্ৰটো মনযোগ দি পঢ়িব লাগিব আৰু প্ৰথমতে কোনবোৰ প্ৰশ্নৰ উত্তৰ লিখাত সহজ হয় তাক চিনাকি কৰি ল’ব লাগিব। উত্তৰ লিখোতে সৰু-সুৰা কৰি উত্তৰ লিখিব নালাগে — সুন্দৰভাৱে গঠন দি লিখিব লাগে, প্ৰথমত প্ৰস্তাৱনা, তাৰ পিছত মূল অংশ আৰু অন্তত উপসংহাৰ। গণিত আৰু বিজ্ঞানৰ উত্তৰত প্ৰতি ধাপ স্পষ্টকৈ দেখুৱাই লিখিব লাগে, কাৰণ ইয়াত আংশিক নম্বৰো পোৱা যায়।
এইদৰে যদি ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ দিনত স্থিৰ মন আৰু সঠিক কৌশলেৰে আগবাঢ়ে, তেন্তে কেৱল ভাল নম্বৰেই নহয়, নিজৰ ওপৰত এক দৃঢ় বিশ্বাসো জন্মিব।

7. Take care of body and mind

Good health is equally important as good preparation. Get at least 7–8 hours of sleep daily. Take light exercise or a walk to refresh your mind. Avoid too much social media or late-night phone use. Eat balanced meals and drink enough water. A healthy mind remembers better and performs better.

৭. শৰীৰ আৰু মনৰ যত্ন ভালদৰে ল’ব লাগিব

ভাল প্ৰস্তুতিৰ লগতে ভাল স্বাস্থ্যৰ অতি প্ৰয়োজনীয়। প্ৰতিদিনে অন্তত ৭-৮ ঘণ্টা টোপনি ল’ব লাগিব। দিনে অলপ হাঁহি বা ব্যায়াম কৰিলে মনটো প্ৰফুল্লিত হয় আৰু নতুনকৈ প্ৰস্তুতি লৈব পৰা যায়। অত্যাধিক সামাজিক মাধ্যম বা ৰাতিপুৱা ফোন চলোৱা এৰাই চলিব লাগিব। সুষম আহাৰ খাব লাগিব আৰু পৰিমাণমতে পানী খাই থাকিব লাগিব।

মনৰ স্বাস্থ্য যদি ভাল থাকে তেন্তে স্মৰণশক্তি বহুগুণে বৃদ্ধি পায় আৰু পৰীক্ষাতো অধিক ভাল ফলাফল দিব পৰা হয়। সঁচাকৈয়ে, সুস্থ দেহতহে সুস্থ মন থাকে আৰু সুস্থ মনেৰে যিকোনো লক্ষ্য পূৰণ কৰা অতি সহজ হয়।

8. A simple 7-day micro plan

If you are one week away from the exam, follow this micro plan:

Day 1: Solve a full English paper and review.
Day 2: Practice weak chapters in Mathematics.
Day 3: Revise Science with diagrams and formulas.
Day 4: Revise Social Science with maps and dates.
Day 5: Revise Language papers and practice essay writing.
Day 6: Attempt a mixed paper of all subjects.
Day 7: Light revision, organize exam kit, and rest well.

৮. এটা সহজ ৭ দিনীয়া মাইক্ৰ’ প্লান

যদি পৰীক্ষালৈ মাত্ৰ এটা সপ্তাহ বাকী থাকে, তেন্তে এই সৰু মাইক্ৰ’ প্লানটো অনুসৰণ কৰিলে যথেষ্ট ভাল হ’ব:

১ম দিন: সম্পূৰ্ণ এটা ইংৰাজী প্ৰশ্নপত্ৰ সমাধান কৰিব লাগে আৰু নিজে নিজে পৰ্যালোচনা কৰিব লাগে।
২য় দিন: গণিতৰ যিবোৰ অধ্যায়ত দুর্বলতা আছে, সেয়া অনুশীলন কৰিব লাগে।
৩য় দিন: বিজ্ঞানৰ পাঠবোৰ চিত্র আৰু সূত্রৰ সহায়ত পুনৰাবৃত্তি কৰিব লাগিব।
৪ৰ্থ দিন: সামাজিক বিজ্ঞানৰ পাঠবোৰ মানচিত্ৰ আৰু তাৰিখৰ সৈতে স্মৰণ কৰিব লাগে।
৫ম দিন: ভাষা বিষয়বোৰ পুনৰাবৃত্তি কৰিব লাগে আৰু প্ৰবন্ধ লিখাৰ অভ্যাস কৰিব লাগে।
৬ষ্ঠ দিন: সকলো বিষয়ৰ মিশ্ৰিত এটা প্ৰশ্নপত্ৰ সমাধান কৰিব লাগে।
৭ম দিন: হালকা পুনৰাবৃত্তি কৰিব লাগে পৰীক্ষাৰ কিট সাজি ৰাখিব লাগে আৰু ভালদৰে বিশ্ৰাম লোৱা উচিত।

এই সৰু প্লানটোৱে ছাত্ৰ-ছাত্ৰীক শেষ সপ্তাহত সুসংগঠিত কৰি তুলিব আৰু মনোবল বজাই ৰাখিবলৈ সহায় কৰিব। পৰীক্ষাৰ আগদিনত অযথা চাপ ল’ব নালাগে, বৰঞ্চ সতেজ মনৰে পৰীক্ষা দিবলৈ আগবাঢ়ি যাব লাগে।

Conclusion

The HSLC Exam 2026 may look challenging, but if you start early, stay consistent, and follow this simple step-by-step strategy, you will be confident and ready for the exam. Always remember: success is not about last-minute study, but about steady and smart preparation.

Download Syllabus

MCQ MOCK TEST

FIRST FLIGHT ENGLISH BOOK

Leave a Comment